লখিমপুৰৰ বান্দৰদেৱাত আটক ড্ৰাগছসহ মহিলা

47

লখিমপুৰত পুনৰ গ্ৰেপ্তাৰ হ’ল ড্ৰাগছ সহ এগৰাকী মহিলা আৰু নগদ ধন ।ড্ৰাগছৰ বিৰুদ্ধে বান্দৰদেৱা আৰক্ষী কঠোৰ হৈ পৰাৰ পাছত এক প্ৰকাৰ নিষিদ্ধ ড্ৰাগছৰ ঘাটি সমুহ নিশেষ হৈ পৰিছিল অসম অৰুণাচল সীমান্ত বান্দৰদেৱাত ।

যোৱা নিশা বান্দৰদেৱা আৰু বিহপুৰীয়া আৰক্ষীৰ   যৌথ অভিজানত পুনৰ ২১.৪৫ গ্ৰাম নিষিদ্ধ তথা সন্দেহ জনক হেৰ’ইন সহ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী মহিলা তথা নগদ পাঁচ হাজাৰ টকা উদ্ধাৰ কৰে। পূৰ্বতেও ড্ৰাগছ সৰবৰাহকাৰী এইসকলক জেললৈ প্ৰেৰণ কৰিছিল আৰু পোনৰ জেলৰ পৰা ওলাই আহি নিষিদ্ধ এই ড্ৰাগছৰ ব্যবসায়ত লিপ্ত হৈ আছে। অবশ্যে পূৰ্বতকৈ কিছু পৰিমাণে হ্ৰাস পাইছে যদিও যোৱা নিশা বান্দৰদেৱা আৰক্ষী আৰু বিহপুৰীয়া আৰক্ষীৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ মহিলা এগৰাকী তথা নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছে।