লখিমপুৰৰ বগীনদীত মানৱ উত্থান সেৱা সমিতিৰ উদ্যোগত স্বচ্ছ অভিযান৷ লখিমপুৰ জিলা মানৱ উত্থান সেৱা সমিতিৰ উদ্যোগত বগীনদীত মহাত্মা গান্ধী স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয়। কদম ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় আৰু বগীনদী ৰামধেনু ক্লাবৰ চৌহদত স্বচ্ছ ভাৰত কাৰ্যসূচী ৰূপায়ন কৰে৷ প্ৰায় অৰ্ধশতাধিক সেৱা সমিতিৰ সদস্যই অংশগ্ৰহণ কৰা স্বচ্ছ ভাৰত অভিযানত গুণি বাইজী, মায়া বাইজী, দিলীপ বৰুৱা, মুনীন বৰা আৰু সচীব কিৰণ গগৈয়ে অংশগ্ৰহণ কৰে৷
