লখিমপুৰত ৰাইজে খেদি খেদি কৰায়ত্ব কৰিলে ২ ড্ৰাগছ সৰবৰাহকাৰীক

72

ড্ৰাগছৰ বিৰুদ্ধে কেৱল আৰক্ষীয়েই নহয়, লখিমপুৰত সচেতন হৈছে সাধাৰণ জনতাও। যাৰ পৰিণতিতে আজি নাওবৈচাৰ ধৰ্মপুৰত ৰাইজে খেদি খেদি কৰায়ত্ব কৰে দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক।

নাওবৈচাৰ ৩নং ধৰ্মপুৰত এআৰ ০১ই ৫৩৮৬ নম্বৰৰ এখন চাৰিচকীয়া বাহনেৰে গৈ থকা অৱস্থাত ৰাইজে ড্ৰাগছ সৰবৰাহকাৰী দুজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ নাম কামাল উদ্দিন আৰু ৰাছিদুল ইছলাম বুলি জানিব পৰা গৈছে। পিছতে দুয়োজন ড্ৰাগছ সৰবৰাহকাৰীক ৰাইজে নাওবৈচা আৰক্ষীৰ হাতত চমজাই দিয়ে।