লখিমপুৰত ৭০ বৰ্ষীয় বৃদ্ধৰ কামনাৰ বলি কিশোৰী

100

লখিমপুৰ জিলাৰ গেন্ধালীত সংঘটিত হৈছে পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা। এগৰাকী ১১ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰাৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ৭০ বৰ্ষীয় এজন বৃদ্ধক।

জানিব পৰা মতে, গেন্ধালীৰ নিৱাসী কোষেশ্বৰ দত্ত নামৰ লম্পট বৃদ্ধজনে এবাৰ-দুবাৰ নহয়, সাতবাৰকৈ ভয় ভাবুকি প্ৰদান কৰি বলাৎকাৰ কৰিছিল একে গাঁৱৰে এগৰাকী কণমানিক। ধৰ্মীয় অনুষ্ঠানৰ ভিতৰত এনে কুকাৰ্য সংঘটিত কৰাৰ বিষয়ে এগৰাকী মহিলাই জানিব পৰাৰ পিছতে এসপ্তাহপূৰ্বে লম্পট কোষেশ্বৰ দত্তৰ ওপৰত ৰাইজ মেল পাতি বিষয়টো মীমাংসা কৰাৰ চেষ্টা চলায় গাঁৱৰ ৰাইজে।

কিন্তু কণমানিজনীৰ মাতৃয়ে ন্যায়িক তদন্ত বিচাৰী নাৰী মুক্তি সংগ্ৰামী সেনানী নামৰ এটা সংগঠনৰ জৰিয়তে আৰক্ষীৰ কাষ চাপে। তাৰ পিছতে নাবালিকাগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰু পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে লম্পট অভিযুক্ত কোষেশ্বৰ দত্তক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।