গুৱাহাটীঃ অসমৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে এমবিবিএছৰ বাবে ১০০ খন আসনৰ সৈতে লখিমপুৰৰ বাবে এখন নতুন চিকিৎসা মহাবিদ্যালয়ত অনুমোদন জনাইছে।
টুইটাৰযোগে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “অসমৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে মই আনন্দিত যে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে এমবিবিএছৰ বাবে ১০০ খন আসনৰ সৈতে লখিমপুৰৰ বাবে এখন নতুন চিকিৎসা মহাবিদ্যালয়ৰ অনুমোদন জনাইছে।”
“এই অষ্টম মহাবিদ্যালয়খন নিৰ্মাণৰ সপোন দেখিছিলোঁ। এতিয়া সেই সপোন বাস্তৱৰ ৰূপ লোৱাৰ বাবে মই অতি ব্যক্তিগতভাবে গৌৰৱ অনুভৱ কৰিছো। এতিয়া, আমাৰ ল’ৰা-ছোৱালীৰ বাবে ১১০০ খন এমবিবিএছৰ আসন আছে”, তেওঁ লগতে কয়।