লখিমপুৰত আৰক্ষীৰ চকুত ধূলি দি আদালতৰ পৰাই পলায়ন ৩ অভিযুক্তৰ

149

গোচৰৰ শুনানিৰ বাবে ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতলৈ লৈ যোৱা এজন ধৰ্ষণ, আৰু হত্যাৰ অভিযুক্তই মঙলবাৰে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে।

আৰক্ষীয়ে অভিযুক্তজনক আটক কৰিবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয়।

খবৰ অনুসৰি ৰাজু বৰুৱা ওৰফে গেৰেজা নামৰ ধৰ্ষণ আৰু হত্যাৰ অভিযুক্তজনে আদালতৰ ভিতৰৰ শৌচাগাৰলৈ গৈ তাৰ পিছত খিৰিকীৰে বাহিৰলৈ জপিয়াই পলায়ন কৰে।

ইফালে গেৰেজাৰ সৈতে আন দুজন অভিযুক্ত যতীন তামুলী আৰু সোণ্টি দাসো আদালতৰ পৰা পলায়ন কৰে।

উল্লেখ্য যে, এইবাৰ দ্বিতীয়বাৰৰ বাবে অভিযুক্ত গেৰেজাই আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষৰ সময়ত অপৰাধী গেৰেজাৰ ভৰিত গুলী লাগিছিল। লগে লগে লখিমপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

তাৰ পিছত কোভিড-১৯ত হোৱা গেৰেোই চলিত বৰ্ষৰ জানুৱাৰীত কোভিড ৱাৰ্ডৰ পৰাই পলায়ন কৰে। অৱশ্যে পৰৱৰ্তী সময়ত পুনৰ আৰক্ষীৰ জালত পৰে অভিযুক্তজন।