ষ্টাফৰিপোৰ্টাৰ, ২৭ এপ্ৰিল : দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত সোমবাৰৰ কেবিনেট বৈঠকৰ চাৰিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ললে চৰকাৰে। সেই অনুসৰি মঙলবাৰৰ পৰা গাঁৱ অঞ্চলৰ দোকান সমুহ খুলিব পাৰিব । অৱশ্যে ৰে’ড জ’নৰ দোকান সমূহ বন্ধ থাকিব। ৰেড জ’নৰ কাষৰ গ্ৰীণ জোনৰ প্ৰথম পাঁচ কিলোমিটাৰলৈ বন্ধ থাকিব দোকান পোহাৰ। দ্বিতীয়তে অসমৰ এখন জিলাৰ পৰা আনখন জিলালৈ যোৱাৰ ক্ষেত্ৰত সময়সীমা ২ মে’ পৰ্যন্ত বঢ়াই দিয়া হৈছে। তৃতীয়তে ল’ক ডাউনৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত মানি চলিব অসমে, ৰাজ্য চৰকাৰে নিজাববীয়াকৈ কোনো সিদ্ধান্ত নলয়। চতুৰ্থতে বিটিচি কাৰ্য্যকাল উকলি যোৱা সম্পৰ্কত কৰ’নাৰ সজাগতাৰে গণ সমাবেশ অনুষ্ঠিত নকৰাকৈ বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্যিক নিৰ্বাচনী আয়োগক অনুৰোধ জনোৱাৰ সিদ্ধান্ত লয়।
এই কথা সংবাদ মাধ্যমক জনাই সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।
