লক্ষ্য সহজ আছিল, জয়েৰে আইপিএলত ভেটি সবল কৰিলে কলকতাই

90

ডিজিটেল ডেস্কঃ ডুবাইৰ শ্বেখ জায়াদ ষ্টেডিয়ামত শনিবাৰে চানৰাইজাৰ হায়দৰাবাদ আৰু কলকতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হোৱা ড্ৰীম-১১ আইপিএল খেলখনত ৭ উইকেটত বিজয় সাব্যস্ত কৰে দীনেশ কাৰ্তিক নেতৃত্বাধীন কেকেআৰ-এ। খেলখনত টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় ডেভিড ৱাৰ্ণাৰৰ এছ আৰ এইছ-এ। নিৰ্ধাৰিত অভাৰত দলটোৱে ৪ উইকেট হেৰুৱাই ১৪২ ৰান সংগ্ৰহ কৰে। এছ আৰ এইছৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে মণীষ পাণ্ডে (৫১ ৰান)য়ে। অধিনায়ক ডেভিড ৱাৰ্ণাৰে কৰে ৩৬ ৰান।

ইফালে এছ আৰ এইছে বান্ধি দিয়া লক্ষ্য সন্মুখত লৈ ক্ৰিজত নমা কে কে আৰে প্ৰথমৰ পৰাই খেলখনত চাপ সৃষ্টি কৰি ৰাখিবলৈ সক্ষম হয়। খেলখনত অধিনায়ক দীনেশ কাৰ্তিক আৰু দুৰ্দান্ত বেটছমেন হিচাপে পৰিচিত সুনীল নাৰায়ণ ব্যৰ্থ হ’লেও শুভমন গীলৰ দৰ্শনীয় ৭০ ৰানৰ ইনিংছটোৱে কে কে আৰক এক নিশ্চিত জয়ৰ দিশে আগুৱাই নিয়ে। ইয়ন মৰ্গানৰ ৪২ ৰানৰ সহায়ত কে কে আৰে ১৮ অভাৰতে লক্ষ্যত উপনীত হৈ ৭ উইকেটত বিজয় সাব্যস্ত কৰে।

উল্লেখ্য যে, এই খেলখনৰ জৰিয়তে ২০২০ৰ আইপিএলত কলকতা নাইট ৰাইডাৰ্ছে প্ৰথম বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’লেও একেৰাহে দুবাৰকৈ পৰাজিত হ’ল চানৰাইজাৰ হায়দৰাবাদ। আজি সন্ধিয়া ড্ৰীম-১১ আইপিএলত কিংগছ-১১ পাঞ্জাৱৰ মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ।