লক্ষ্য উপ-নিৰ্বাচনঃ কংগ্ৰেছৰে মিত্ৰতা প্ৰায় নিশ্চিত ৰাইজৰ দলৰ

89

গুৱাহাটীঃ সন্মুখত উপ নিৰ্বাচন। এই নিৰ্বাচনত শাসকীয় বিজেপিক পৰাভূত কৰিবলৈ কংগ্ৰেছৰ সৈতে একত্ৰিত হোৱাৰ দিশে আগবাঢ়িছে অখিল গগৈৰ ৰাইজৰ দল। শনিবাৰে ৰাইজৰ দলৰ প্ৰতিনিধিয়ে প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ ভূপেন বৰাক সাক্ষাৎ কৰাৰ পিছতে দেওবাৰে অনুষ্ঠিত হয় ৰাইজৰ দলৰ কাৰ্যনিৰ্বাহক বৈঠক। এই বৈঠকত উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা সন্দৰ্ভত আলোচনা হোৱাৰ লগতে ৰাজ্যত কোভিড টীকাকৰণ সন্দৰ্ভতো দলটোৰ নেতৃত্বই আলোচনা কৰে।

ইফালে বৈঠকৰ অন্তত সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কয় যে বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থতে তেওঁ বিৰোধীৰ সৈতে ঐক্যবদ্ধভাৱে উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিচাৰে। অৱশ্যেই বিৰোধীৰ এই ঐক্যবদ্ধতাত বদৰুদ্দিন আজমলৰ এআইইউডিএফক চামিল নকৰাৰ বিষয়েও মন্তব্য কৰে অখিল গগৈয়ে।

আনহাতে দেওবাৰে সন্ধিয়া কংগ্ৰেছ দলৰ এটা প্ৰতিনিধি দল ৰাইজৰ দলৰ কাৰ্যালয়ত দলটোৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হব বুলি জানিবলৈ দিয়ে অখিল গগৈয়ে। তেওঁ কয়, ‘কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদ, চি পি আই এম আৰু আন আন দল একত্ৰিত হৈ নিৰ্বাচন খেলিব বিচাৰো। সকলো বিৰোধী দল একত্ৰিত হ’লে আমি আধা আসন দখল কৰিব পাৰিম। আজি বিয়লি পাঁচ বজাত কংগ্ৰেছৰ প্ৰতিনিধি আহিব ৰাইজৰ দলৰ কাৰ্যালয়লৈ। যদি একেলগ হৈ নেখেলে তেন্তে বিজেপিক ৱাক অভাৰ দিয়া হ’ব।’