লক্ষ্ণৌ অগ্নিকাণ্ড! ১৫ বিষয়াক নিলম্বনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ

209

লক্ষ্ণৌৰ এখন হোটেলত সংঘটিত অগ্নিকাণ্ডত চাৰিজন লোক নিহত হোৱাৰ পাঁচ দিনৰ পাছত শনিবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে চাৰিটা ভিন্ন বিভাগৰ ১৫জন বিষয়াক নিলম্বন কৰাৰ লগতে অৱসৰপ্ৰাপ্ত চাৰিজন বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

লক্ষ্ণৌৰ আৰক্ষী আয়ুক্ত এছ বি শিৰাডকাৰ আৰু উপায়ুক্ত (লক্ষ্ণৌ সংমণ্ডল) ৰোষণ জেকবক লৈ দুজনীয়া তদন্ত পেনেলে ৰাজ্যৰ গৃহ বিভাগত প্ৰতিবেদন দাখিল কৰাৰ এদিন পিছতে মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশ।

চৰকাৰৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, কাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেই বিষয়াসকল হৈছে গৃহ, শক্তি, নিযুক্তি, গৃহ নিৰ্মাণ আৰু নগৰ পৰিকল্পনা, লক্ষ্ণৌ উন্নয়ন প্ৰাধিকৰণ (এল ডি এ) আৰু আবকাৰী বিভাগৰ।

“সেৱা প্ৰদান কৰা বিষয়াসকলক নিলম্বন কৰি তেওঁলোকৰ বিৰুদ্ধে বিভাগসমূহৰ তদন্ত আৰম্ভ কৰা হ’ব। অৱসৰপ্ৰাপ্ত বিষয়াসকলৰ বিৰুদ্ধে নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’-মুখপাত্ৰগৰাকীয়ে লগতে কয় যে এই বিষয়াসকলে বিজুতি আৰু গাফিলতি কৰাৰ বাবে প্ৰাইমা ফেচি দায়ী বুলি ধৰা পৰিছে।

নিলম্বিত হ’বলগীয়া বিষয়াসকলৰ ভিতৰত আছে সুশীল যাদৱ (অগ্নিনিৰ্বাপক বিষয়া), যোগেন্দ্ৰ প্ৰসাদ (অগ্নিনিৰ্বাপক বিষয়া-দ্বিতীয়), গৃহ বিভাগৰ মুখ্য অগ্নিনিৰ্বাপক বিষয়া বিজয় কুমাৰ সিং); শক্তি বিভাগৰ পৰা সহকাৰী সঞ্চালক (বিদ্যুৎ সুৰক্ষা) বিজয় কুমাৰ ৰাও, কনিষ্ঠ অভিযন্তা আশীষ কুমাৰ মিশ্ৰ, মহকুমা বিষয়া ৰাজেশ কুমাৰ মিশ্ৰ); পিচিএছ বিষয়া মহেন্দ্ৰ কুমাৰ মিশ্ৰ (তেতিয়াৰ এল ডি এত ভিহিট বিষয়া)।

নিলম্বিত হ’বলগীয়া আন আন এল ডি এ বিষয়াসকলৰ ভিতৰত আছে তেতিয়াৰ সহকাৰী অভিযন্তা ৰাকেশ মোহন, কনিষ্ঠ অভিযন্তা জিতেন্দ্ৰ নাথ ডুবে, কনিষ্ঠ অভিযন্তা ৰবীন্দ্ৰ কুমাৰ শ্ৰীবাস্তৱ, কনিষ্ঠ অভিযন্তা জয়বীৰ সিং, আৰু আন এজন বিষয়া ৰাম প্ৰতাপ।

আবকাৰী বিভাগত তেতিয়াৰ লক্ষ্ণৌ জিলা আবকাৰী বিষয়া সন্তোষ কুমাৰ তিৱাৰী, লক্ষ্ণৌৰ আবকাৰী পৰিদৰ্শক খণ্ড-১ অমিত কুমাৰ শ্ৰীবাস্তৱ আৰু লক্ষ্ণৌ সংমণ্ডলৰ উপ আবকাৰী আয়ুক্ত জৈনেন্দ্ৰ উপাধ্যায়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।

ব্যৱস্থা গ্ৰহণৰ সন্মুখীন হোৱা অৱসৰপ্ৰাপ্ত বিষয়াসকলৰ ভিতৰত আছে মুখ্য অগ্নিনিৰ্বাপক বিষয়া অভয়নাথ পাণ্ডে, এল ডি এৰ কাৰ্যবাহী অভিযন্তা অৰুণ কুমাৰ সিং, কাৰ্যবাহী অভিযন্তা ওম প্ৰকাশ মিশ্ৰ আৰু কনিষ্ঠ অভিযন্তা গণেশী দত্ত সিং।

সূত্ৰসমূহে জনোৱা মতে, দুজনীয়া তদন্ত পেনেলে কেইবাটাও বিভাগৰ বিষয়াসকলক নিজৰ কৰ্তব্য সঠিকভাৱে পালন নকৰাৰ বাবে দায়ী কৰা বুলি জানিব পৰা গৈছে কাৰণ হোটেলখন – লেভানা ছুইটছ — যোৱা পাঁচ বছৰ ধৰি প্ৰয়োজনীয় কাগজ-পত্ৰ সম্পূৰ্ণ নকৰাকৈ কাৰ্যক্ষম হৈ আছিল।

হজৰতগঞ্জৰ বাণিজ্যিক কেন্দ্ৰত অৱস্থিত লেভানা ছুইটছত সোমবাৰে পুৱা সংঘটিত হোৱা অগ্নিকাণ্ডত দুগৰাকী মহিলাসহ চাৰিজন অতিথিৰ মৃত্যু হোৱাৰ লগতে ১০ জন আহত হয়।

আৰক্ষীয়ে এতিয়ালৈকে তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে — দুজন হোটেলৰ মালিক ৰোহিত আগৰৱালা আৰু খুলশালীয়েক ৰাহুল আগৰৱালা, আৰু হোটেলৰ মেনেজাৰ সাগৰ শ্ৰীবাস্তৱক। আই পি চিৰ ৩০৪ (গাহেলিত মৃত্যুৰ কাৰণ হোৱা) আৰু ৩০৮ (দোষী হত্যাৰ চেষ্টা) ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

জুইৰ পিছত এল ডি এয়ে লেভানা ছুইটছ ছীল কৰি দিয়ে, কাৰণ প্ৰাৰম্ভিক তদন্তত দেখা গ’ল যে হোটেলখনৰ মানচিত্ৰ অনুমোদন কৰা হোৱা নাই, আৰু তথাপিও হোটেলখন যোৱা পাঁচ বছৰ ধৰি চলি আছে।

এল ডি এৰ প্ৰাথমিক তদন্তত দেখা গৈছে যে চলিত বৰ্ষৰ ২৬ মে’ত ইয়াৰ জ’নেল বিষয়াই লেভানা ছুইটছৰ মালিকসকলক এখন জাননী জাৰি কৰি হোটেলখনৰ মানচিত্ৰ জমা দিবলৈ কয়। কোনো উত্তৰ নোপোৱাৰ পিছত চলিত বৰ্ষৰ ২৮ আগষ্টত এল ডি এয়ে দ্বিতীয়বাৰৰ বাবে জাননী জাৰি কৰে। উত্তৰ প্ৰদেশ নগৰ পৰিকল্পনা আৰু উন্নয়ন আইন ১৯৭৩ৰ অধীনত জাৰি কৰা দ্বিতীয়খন জাননী আজিও শুনানি চলি আছে।

একেদৰে তদন্তকাৰী দলটোৱে জানিব পাৰিছে যে তাত অগ্নিনিৰ্বাপক বাহিনীৰ সুৰক্ষা ব্যৱস্থাৰ অভাৱৰ পিছতো অগ্নিনিৰ্বাপক বাহিনীয়ে হোটেলখনলৈ ন’ অবজেক্ট চাৰ্টিফিকেট (এন অ’ চি) প্ৰদান কৰিছিল।

হোটেলখনৰ মালিক আৰু মেনেজাৰৰ বিৰুদ্ধে উত্থাপিত এফআইআৰত আৰক্ষীয়ে কয় যে, অশুভ পৰিস্থিতিত লোকসকলক বাহিৰলৈ ওলাই অহাৰ বাবে তেওঁলোকে উপযুক্ত ব্যৱস্থা কৰা নাছিল। “বিল্ডিঙৰ পাৱাৰ সংযোগ দায়িত্বহীনভাৱে কৰা হৈছিল আৰু গেছ চিলিণ্ডাৰ ৰখাৰ কোনো সুৰক্ষিত ব্যৱস্থা নাছিল… যিহেতু হোটেলৰ বিল্ডিঙৰ মুখাৱয়বত লোৰ গ্ৰীল আছিল, সেয়ে ভিতৰত মানুহ আবদ্ধ হৈ পৰিছিল। অগ্নিনিৰ্বাপক বাহিনীয়ে মানুহ উদ্ধাৰ কৰিবলৈ অট্টালিকাটোত প্ৰৱেশ কৰিবলৈ লোহাৰ গ্ৰীলবোৰ কাটিবলগীয়া হৈছিল।’-এফআইআৰত উল্লেখ কৰা হৈছে।

হোটেলখনৰ তলৰ মহলাত থকা পাকঘৰত শ্বৰ্ট চাৰ্কিটৰ ফলত জুই সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে যদিও ইয়াৰ পূৰ্বে মুখ্য চিকিৎসা বিষয়াগৰাকীয়ে শ্বাসৰুদ্ধ হৈ মানুহৰ মৃত্যু হোৱা বুলি জনাইছিল।