লক্ষীমপুৰত মন্ত্ৰী পিয়ুষ হাজৰিকাই কংগ্ৰেছক কটাক্ষ কৰে

280

লক্ষীমপুৰত মন্ত্ৰী পিয়ুষ হাজৰিকা ।

লখিমপুৰত কংগ্ৰেছক কটাক্ষ মন্ত্রী পিয়ুষ হাজৰিকাৰ।

কংগ্রেছে কয় ভাৰত জোৰো– ৰাইজে কয় কংগ্রেছে ভাৰত ছোৰো — লখিমপুৰত এই মন্তব্য মন্ত্রী পীয়ুষ হাজৰিকাৰ।

আনহাতে এন এইচ পিচিৰ কাৰিকৰী সমস্যা থাকিলে দুৰ কৰিব লাগিব কিন্তু বান্ধটো হবই লাগিব।

বুধবাৰে লখিমপুৰলৈ দিনযোৰা কাৰ্যসূচীৰে অহা মন্ত্রী পিয়ুষ হাজৰিকাই এইদৰে মন্তব্য কৰে।

সোৱণশিৰি খহনীয়া ঘন চৰাই মাথাউৰি পৰিদৰ্শন কৰে মন্ত্রী হাজৰিকাই।
ইয়াৰ পিছত সমাজ কল্যাণ বিভাগৰ অনাথ ও নিৰাশ্ৰয়ৰ বিদ্যালয় গৃহ শুভ উদ্বোধন কৰে।

লগতে লখিমপুৰ জিলা সোনালী জয়ন্তী উপলক্ষে আধাৰশিলা স্হাপন।

সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ত মুকবধী ছাত্র-ছাত্ৰীৰ সৈতে মতবিনিময় কৰে মন্ত্রীয়ে।

মন্ত্রী হাজৰিকাৰ এই কাৰ্য্যসূচীত সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা, আদিয়ে সহযোগ কৰে।।