লকডাউন নহয়; ৰাজ্যত ৫ জুনলৈ বাহাল থাকিব সান্ধ্য আইন

72

ৰাজ্যত নহয় লকডাউন। এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসমত লকডাউন প্ৰদানৰ পৰিৱৰ্তে পূূৰ্বৰে পৰা বাহাল থকা সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, ৰাজ্যত ৫ জুনলৈকে বাহাল থাকিব সান্ধ্য আইন।

ইফালে গ্ৰামাঞ্চলত বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ ৫ বজাৰ পৰিৱৰ্তে এতিয়া ২ বজাৰ পৰা সান্ধ্য আইন জাৰি কৰা হৈছে। একেদৰে চহৰাঞ্চলত পূৰ্বৰ দৰেই দিনৰ ১২ বজাৰ পৰা সান্ধ্য আইন বলবৎ হব।