লকডাউনৰ সময়ত শ্ৰমিকৰ বিশেষ ৰে’লত ৯৭ জনে হেৰুৱাইছে প্ৰাণঃ ৰাজ্যসভাত জনালে ৰে’লমন্ত্ৰীয়ে

64

ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ শাৰদীয় অধিৱেশনত লকডাউনৰ সময়ত প্ৰৱাসী শ্ৰমিকৰ মৃত্যুক লৈ চৰকাৰক প্ৰশ্ন কৰে বিৰোধীয়ে। এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ চৰকাৰে প্ৰৱাসী শ্ৰমিকৰ মৃত্যুৰ কোনো তথ্য নাই বুলি উল্লেখ কৰাৰ পিছতে সংসদৰ মজিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইফালে শুকুৰবাৰেও বিৰোধীয়ে চৰকাৰক প্ৰশ্ন কৰে যে লকডাউনৰ সময়ত শ্ৰমিকৰ বিশেষ ৰে’লত কিমান জনে প্ৰাণ হেৰুৱাই? বিৰোধীৰ প্ৰশ্নৰ উত্তৰত ৰে’লমন্ত্ৰী পিয়ুষ গোৱেলে ৰাজ্যসভাত কয় যে ৯ ছেপ্তেম্বৰ পৰ্যন্ত মুঠ ৯৭ জন লোকৰ শ্ৰমিক বিশেষ ৰে’লত মৃত্যু হয়।

তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক অ’ব্ৰায়নে ৰাজ্যসভাত সোধা প্ৰশ্নৰ উত্তৰত ৰে’লমন্ত্ৰীগৰাকীয়ে কয়, ‘৯ ছেপ্তেম্বৰ পৰ্যন্ত মুঠ ৯৭ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে ৮৭ জনৰ মৃতদেহ ৰাজ্যৰ আৰক্ষীয়ে মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আনহাতে আৰক্ষীৰ পৰা এতিয়ালৈকে ৫১ জনৰ মৰোণত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰা হৈছে। য’ত মৃত্যুৰ কাৰণ হৃদৰোগ, শ্বাসজনিত কাৰণ, মগজু নিষ্ক্ৰিয় হৈ পৰা, কিডনী আৰু লিভাৰৰ ৰোগ বুলি জানিব পৰা গৈছে।’

উল্লেখ্য যে, কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ প্ৰৱাসী শ্ৰমিকসকলৰ স্বগৃহলৈ উভতাই পঠিয়াবলৈ ৰাজ্য চৰকাৰৰ সহযোগত কেন্দ্ৰীয় চৰকাৰে শ্ৰমিক বিশেষ ৰে’ল সেৱাৰ ব্যৱস্থা কৰিছিল। ইফালে শ্ৰমিক বিশেষ ৰে’লত ৯ মে’ৰ পৰা ২৭ মে’ৰ ভিতৰত ৮০ জন শ্ৰমিকৰ মৃত্যু ঘটিছিল। ছেপ্তেম্বৰ পৰ্যন্ত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি পাইছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে সদৰী কৰা এই তথ্যতকৈ অধিক শ্ৰমিকৰ মৃত্যু ঘটাৰ দাবী কৰিছে বিৰোধীয়ে।