লকডাউনৰ বাবে বাংলাদেশত আৱদ্ধ হৈ থকা ১৫গৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰক ভাৰতত প্ৰৱেশৰ অনুমতি

94

বাংলাদেশত লকডাউনৰ বাবে আবদ্ধ হৈ পৰা ১৫ ভাৰতীয় চিকিৎসা বিজ্ঞানৰ ছাত্ৰক ভাৰতত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হৈছে। দুয়োখন দেশৰ উপায়ুক্তই আলোচনা কৰি ছাত্ৰ কেইগৰাকীক ভাৰতলৈ অহাৰ অনুমতি প্ৰদান কৰিছে। তাৰ পিছতে আজি ত্ৰিপুৰা-বাংলাদেশ সীমান্তৰে ভাৰতলৈ আহিব ছাত্ৰ কেইগৰাকী।

উল্লেখ্য যে, লকডাউনৰ পৰিপ্ৰেক্ষিতত ত্ৰিপুৰা-বাংলাদেশ সীমান্তত আৱদ্ধ হৈ পৰিছিল বাংলাদেশত অধ্যয়নৰত ১৫ গৰাকী ভাৰতৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ। তাৰ পিছতে সংবাদ মাধ্যমৰ লগতে ছ’চিয়েল মিডিয়াত ছাত্ৰ কেইগৰাকী আৱদ্ধ হৈ থকাৰ বিষয়ে প্ৰচাৰ হৈছিল।