লংকা কাণ্ডৰ মূল খলনায়ক হিলালউদ্দিনক গ্ৰেপ্তাৰ

90

লংকাৰ কোভিড কেয়াৰ হাস্পতালত চিকিৎসকক গণ প্ৰহাৰ কৰা ঘটনাৰ মূল খলনায়ক হিলালউদ্দিনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই ঘটনাৰ সৈতে জড়িত ইতিমধ্যে ২৯ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে, লংকা থানাৰ অন্তৰ্গত ফুলতলী মডেল হাস্পতালৰ কোভিড কেয়াৰ চেণ্টাৰত একাংশ উত্তেজিত লোকৰ গণপ্ৰহাৰত গুৰুতৰভাৱে আহত হৈছিল চিকিৎসক ডা০ সেউজ কুমাৰ সেনাপতি। এই ঘটনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। কোভিড পৰিস্থিতিৰ সময়ত ৰোগীৰ চিকিৎসাত নিয়োজিত চিকিৎসকক এনেদৰে একাংশ লোকে আক্ৰমণ কৰাৰ ঘটনাক সকলোৱে গৰিহণা দিয়ে।

ইফালে এই ঘটনাৰ সৈতে জড়িত ২৪ জনক আৰক্ষীয়ে প্ৰথমে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। তাৰে ১৬ জনক জেল হাজোতলৈ প্ৰেৰণ কৰাৰ বিপৰীতে ৭জনক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে মহামান্য আদালতে। আনহাতে আজি এই কাণ্ডৰ মূল অভিযুক্ত হিলালউদ্দিনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে দোষীক উচিত শাস্তি বিহিবলৈ দাবী জনাইছে বিভিন্নজনে।