লংকাৰ কাকীত নামঘৰৰ নৱনিৰ্মিত দেৱালক লৈ ৰাইজ-ঠিকাদাৰৰ সংঘাত

84

সমৰ দেৱনাথ, হোজাইঃ লংকাৰ ৩নং কাকী মুদৈয়নী চাৰিআলীৰ সমীপৰ হাটীঘৰীয়া নামঘৰত নৱনিৰ্মিতি দেৱালক লৈ ৰাইজ আৰু ঠিকাদাৰৰ মাজত সংঘাত। নিশা ৰাইজে নৱনিৰ্মিত দেৱালখন ভাঙি পেলোৱা বুলি ঠিকাদাৰৰ অভিযোগৰ বিপৰীতে অতি নিম্নমানৰ সমগ্ৰীৰে কাম সম্পন্ন কৰি চৰকাৰী ধন হৰলুকি কৰিবলৈ বিচৰা বুলি ঠিকাদাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ৰাইজে।

উল্লেখযোগ্য যে কাকী ঠাইচুপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁওখনৰ নামঘৰ নিৰ্মাণৰ বাবে ২০১৯/২০ বৰ্ষৰ চতুৰ্থ বিত্তীয় আয়োগৰ অধীনত ৩লাখ টকা আৱণ্টন হৈছিল। নামঘৰ ভাগৰ নিৰ্মাণৰ দায়িত্ব পাইছিল ৰুনোমী দাস নামৰ এগৰাকী স্থানীয় মহিলাই। কিন্তু সোমবাৰে নিশা একাংশ ৰাইজে মহিলাগৰাকীৰ ঘৰৰ পদূলিত অশ্লীল গালি গালাজ কৰি নামঘৰৰ দেৱাল ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন কৰিছে ঠিকাদাৰ ৰুনোমী দাসে।

আনহাতে গাঁৱৰ ৰাইজৰ মতে ৰুণোমী দাসে নিৰ্মাণ কৰা দেৱাল নিৰ্মাণ কাৰ্য চাবলৈ আহি হাতেৰে চুই চোৱাত নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাত দেৱালখন খহি পৰাৰ অভিযোগ উত্থাপণ কৰিছে ৰাইজে।

এতিয়া প্ৰশ্ন হয় সান্ধ্য আইনৰ মাজত ৰাইজ কিয় দিনত নাহি নিশাহে আহিছিল নামঘৰৰ দেৱাল নিৰ্মাণ কাৰ্য চাবলৈ? আনহাতে ৰুণোমী দাসে সচাই নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছে নেকি চৰকাৰী আঁচনিৰ কাম সেয়া কিন্তু বিভাগীয় তদন্তৰ পিছতহে পোহৰলৈ আহিব।