এইবাৰ খোদ কেন্দ্ৰীয় মন্ত্ৰীক ব্লেকমেইলৰ চেষ্টা! তাকো যৌনতাৰ ফান্দ পাতি। ৰাজস্থানৰ দুজন যুৱকে এই দুঃসাহসিক অভিযান সংঘটিত কৰিছে। কিন্তু এতিয়াও পলাতক হৈ আছে মূল অভিযুক্ত।
জানিব পৰা মতে, যোৱা মাহত এটা চক্ৰই ভিডিঅ’ কলৰ জৰিয়তে কেন্দ্ৰীয় খাদ্য সংসাধন ৰাজ্যিক মন্ত্ৰী প্ৰহ্লাদ পেটেলক ফান্দত পেলাবলৈ চেষ্টা কৰিছিল। প্ৰথমে মন্ত্ৰীগৰাকীৰ হোৱাটছএপত ভিডিঅ’ কল কৰা হয়। পোৱাৰ লগে লগে পৰ্ণ ভিডিঅ’টো চলি যায়। লগে লগে প্ৰহ্লাদ পেটেলে ফোনটো কাটি দিয়ে। কিন্তু তাৰ পিছত তেওঁক ফোন কৰি কেইছেকেণ্ডমানৰ ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দিয়া হয়।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দিল্লী আৰক্ষীৰ আয়ুক্তৰ সৈতে যোগাযোগ কৰিবলৈ বাধ্য হয়। তদন্তৰ অন্তত দিল্লী আৰক্ষীয়ে ৰাজস্থানৰ ভৰতপুৰৰ পৰা মহম্মদ বকিল আৰু মহম্মদ চাহিব নামৰ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। কিন্তু পলাতক হৈ আছে আন এজন অভিযুক্ত ছাবিৰ। দিল্লী আৰক্ষীয়ে এতিয়াও তেওঁৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।
জেৰাৰ সময়ত অভিযুক্তই কয় যে তেওঁলোকে আগতে ইমান ডাঙৰ জালিয়াতি চক্ৰ চলাইছিল। তেওঁলোকৰ মূল উদ্দেশ্য হৈছে যৌন ফান্দ পাতি মানুহক বিপদত পেলাই টকা উপাৰ্জন কৰা। কিন্তু মন্ত্ৰীজনে আৰম্ভণিতে তেওঁলোকৰ পৰিকল্পনা ধৰিলে। যাৰ পৰিণতিত আৰক্ষীৰ হস্তক্ষেপত অভিযুক্ত ধৰা পৰে।
