যোৱা ২৪ ঘণ্টাত পুনৰ ৩ লক্ষাধিকৰ দেহত কোৰোনাৰ সংক্ৰমণ, ২২৬৩ জনৰ মৃত্যু

70

দেশত দ্ৰুত গতিত বৃদ্ধি হৈছে কোভিডৰ সংক্ৰমন। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ভাৰতত পুনৰ ৩,৩২,৭৩০ জন কোৰোনাত আক্ৰান্ত হৈছে। আনহাতে এই সময়ছোৱাত ২২৬৩ জনৰ কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে।

যোৱা ২৪ ঘণ্টাত কোভিডৰ পৰা আৰোগ্য লাভ কৰে ১,৯৩,২৭৯ জনে। ইফালে ১৩ কোটি ৫৪ লাখতকৈ অধিক লোকক দেশত প্ৰদান কৰা হয় কোভিড ভেকচিন। দেশত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত হৈছে ১,৬২,৬৩,৬৯৫ জন ।