যোৱা ২৪ ঘণ্টাত দেশত পুনৰ ৩,৪৬,৭৮৬ জন কোৰোনাত আক্ৰান্ত

83

ক্ৰমাৎ ভয়াবহ হৈ গৈ আছে দেশৰ কোভিড পৰিস্থিতি। বিশ্বৰ ভিতৰতে এতিয়া সৰ্বাধিক লোক কোৰোনাত আক্ৰান্ত হৈছে ভাৰতত। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত পুনৰ ৩,৪৬,৭৮৬ জন লোক এই মহামাৰীত আক্ৰান্ত হৈছে। এই সময়ছোৱাত মৃত্যু ঘটিছে ২,৬২৪ জন ৰোগীৰ। যোৱা ২৪ঘন্টাত ২লাখ ১৯হাজাৰ ৮৩৮গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভটিছে।

উল্লেখ্য যে, বৰ্তমান দেশত কোৰোনাত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হৈছে- ১কোটি ৬৬লাখ ১০হাজাৰ ৪৮১গৰাকী। ভাৰতত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১লাখ ৮৯হাজাৰ ৫৪৪গৰাকী। দেশত ১৩লাখ ৮৩হাজাৰ লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন।