যোৰাবাটত ৫১টা গৰুসহ আটক ট্ৰাক

122

শুকুৰবাৰে নিশা মেঘালয়ৰ ৰিব হই জিলাৰ অন্তৰ্গত যোৰাবাট আৰু কামৰূপ মেট্ৰ’ত অসম আৰক্ষীয়ে ৫১টা গৰু উদ্ধাৰ কৰে।

সূত্ৰ অনুসৰি, বাইৰনিহাটৰ পথত থকা যোৰাবাটত ‘এ এছ ১১ এ চি ৪০৮৭’ নম্বৰৰ গৰু-ম’হ ভৰ্তি ট্ৰাকখন জব্দ কৰা হয়।

ইফালে, গো সৰবৰাহৰে জড়িত থকাৰ অভিযোগত আটক কৰা হৈছে ট্ৰাকখনৰ চালক ৰফিকুল ইছলামক।

উল্লেখযোগ্য যে অসম আৰক্ষীয়ে ৰাজ্যজুৰি এনেধৰণৰ কেইবাটাও গৰু সৰবৰাহ চক্ৰ সফলতাৰে উৎখাত কৰি আহিছে৷

শেহতীয়াকৈ সোনাপুৰত জব্দ কৰা হৈছে এখন গৰু-ম’হ ভৰ্তি ট্ৰেভেলাৰ বাহন। বাহনখনৰ পৰা প্ৰায় ২০ টা উদ্ধাৰ কৰা হয়।

ইয়াৰ সৈতে জড়িত গাড়ীখনৰ চালক আৰু আন এজন লোকক আটক কৰা হয়।