যোৰাবাটত ২ গৰু সৰবৰাহকাৰীক আটক, বৃহৎ পৰিমাণৰ নগদ ধন জব্দ

164

অসম আৰক্ষীয়ে মঙিলবাৰে যোৰাবাটত দুজন গৰু সৰবৰাহকাৰীক আটক কৰি দুটা ম’বাইল ফোনসহ বিপুল পৰিমাণৰ নগদ ধন জব্দ কৰে।

গোপন খবৰৰ ভিত্তিত অভিযান চলাই আই পি এছ পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত বিশেষ টাস্ক ফ’ৰ্চ (এছ টি এফ)ৰ এটা দলে আই/চি যোৰাবাট আউটপোষ্টৰ সৈতে যৌথভাৱে যোৰাবাট অঞ্চলত গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে আৰু নিয়মীয়া পৰীক্ষাৰ সময়ত এখন বলেৰ বাহন জপবদ কৰিবলৈ সক্ষম হয়।

বাহনখন জব্দ কৰাৰ পাছত দলটোৱে ২৬.৫০ লাখ টকাৰ নগদ ধন, এ এছ ০১ এফ এফ ০৫২৭ নম্বৰৰ মহিন্দ্ৰা বলেৰো আৰু দুটা মোবাইল ফোন জব্দ কৰে।

আটকাধীন গৰু সৰবৰাহকাৰী দুজন মৰিগাঁও জিলাৰ বাসিন্দা ছামছুদ্দিন আহমেদ আৰু চাহিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।

ইফালে, যুটিটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে জব্দকৰণৰ সৈতে অধিক সম্পৰ্ক স্থাপনৰ বাবে তদন্ত আগবঢ়াই নিয়াৰ উদ্দেশ্যে জব্দ কৰা সামগ্ৰীৰ সৈতে আটকাধীন ব্যক্তি দুজনক যোৰাবাট আই/চিত গতাই দিয়া হৈছে।