যোৰাবাটত মাজনিশা চোৰাং কাঠ বাহন জব্দ

62

গুৱাহাটী: বন বিভাগৰ গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ অসম-মেঘালয় সীমান্তত থকা যোৰাবাট বন শিবিৰৰ বনকৰ্মীৰ দলে মঙলবাৰে নিশা প্ৰায় ১১.৩০ বজাত মেঘালয়ৰ পৰা গুৱাহাটীলৈ কৌশলেৰে অনা অৱস্থাত এ এছ০১ ডি ডি ৫৩০০ নম্বৰৰ ডি আই বাহন খন সহ নথি পত্ৰ অবিহনে চোৰাংকৈ অনা প্ৰায় ৫০ ঘনফুট পৰিমাণৰ পাইন কাঠৰ তক্তা জব্দ কৰে।

বন বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি অইন দিনাৰ দৰে মঙলবাৰেও যোৰাবাট বন শিবিৰৰ ভাৰপ্ৰাপ্ত বিষয়া পুলিন মহন্তৰ নেতৃত্বত এটা বন কৰ্মীৰ দলে সন্ধিয়াৰ পাছত গুৱাহাটী অভিমুখী পথত কোনো বাহনে যাতে অবৈধ বনজ সম্পদ সৰবৰাহ কৰিব নোৱাৰে তাৰ বাবে তালাচী চলাই আছিল । নিশা প্ৰায় ১১.৩০ মান বজাত উল্লিখিত ডি আই খনক ৰাখিবলৈ সংকেত দিয়াত বাহন খনৰ চালক জনে সংকেত নামনি আগুৱাই যায়।

কিন্তু বনকর্মীৰ দলটোৱে খেদি যোৱাত চালকজনে পথৰ দাঁতিত বাহনখন ৰখাই পলাই যায়। বনকৰ্মীৰ দলটোৱে তালাচী চলোৱাত কৌশলৰে অনা পাইন কাঠখিনী জব্দ কৰে। সম্প্ৰতি বাহনসহ কাঠখিনি বন বিভাগৰ বশিষ্ঠস্থিত ডিপোট ৰখা হৈছে।