যোৰাবাটত ড্ৰাগছৰ বিৰুদ্ধে ক্ৰাইম ব্ৰান্সৰ অভিযান, ৫জনক গ্ৰেপ্তাৰ

59

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে মঙলবাৰে মহানগৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে চলোৱা এক অভিযানত যোৰাবাটৰ ঘনশ্যাম বস্তিৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ। ইফালে এই অভিযানকালত ৫জন লোকক গ্ৰেপ্তাৰ কৰিছে ক্ৰাইম ব্ৰাঞ্চে।

জানিব পৰা মতে, ঘনশ্যাম বস্তিৰ ৰেখা গগৈ নামৰ এগৰাকী মহিলাৰ বাসগৃহত আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলায়। এই অভিযানত প্ৰায় ৭২ পেকেট হেৰ’ইনসহ উদ্ধাৰ কৰে ২২ হাজাৰ টকা নগদ ধন। ড্ৰাগছৰ সৰবৰাহত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ৰেখা গগৈসহ গ্ৰেপ্তাৰ কৰিছে ৫জন লোকক। গ্ৰেপ্তাৰ কৰা আন কেইজন ক্ৰমে- আকবৰ খান, সঞ্জয় গগৈ, মহম্মদ ৱাহিদুৰ, আলোক গগৈ।