যোৰহাট সদৰ থানাৰ লকআপৰ ভিতৰত অভিযুক্তৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

75

যোৰহাট সদৰ থানাৰ লকআপৰ ভিতৰত থকা শৌচাগাৰত মঙ্গলবাৰে নিশা এজন অভিযুক্তৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। মোবাইল চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ছাবিৰ আনছাৰী নামৰ অভিযুক্তজনৰ মৃতদেহ নিশা শৌচাগাৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়।

কৰ্তব্যৰত আৰক্ষীয়ে নিশা প্ৰায় ২ বজাত লকআপৰ ভিতৰৰ শৌচাগাৰত অভিযুক্তজনক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে। শৌচাগাৰ পৰিষ্কাৰ কৰা এডাল লাঠি সংলগ্ন বাঢ়নিৰ জৰিয়তে বেৰত ভৰ দি শৌচাগাৰ পৰিস্কাৰ কৰা কিছু কাপোৰেৰে ডিঙিত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হয় ছাবিৰৰ মৃতদেহ।

ইফালে এই ঘটনাৰ পিছত নিশাই দণ্ডাধীশৰ উপস্থিতিত যোৰহাটৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষককে ধৰি উচ্চপদস্থ আৰক্ষী বিষয়া থানাত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে।

জানিব পৰা মতে, ধৃত যুৱকজনক মোবাইল চুৰ কৰাৰ অভিযোগত স্থানীয় লোকে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিছিল । নিশা মৃত যুৱকজনৰ সৈতে আন এজন অভিযুক্তও লকআপত আছিল আৰু দুয়োকে নিশা প্ৰায় ১ বজাত চিকিৎসালয়ৰ পৰা স্বাস্থ্য পৰীক্ষা কৰি পুনৰ থানলৈ অনা হৈছিল।

আনহাতে, যুৱকজনৰ লকআপৰ ভিতৰত মৃত্যু হোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পৰিয়ালৰ লোকে । এই মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিয়ালৰ লোকে । আনহাতে একাংশ স্থানীয় লোকে জানিবলৈ দিয়া মতে মৃত যুৱকজন ড্ৰাগছ আসক্ত আছিল ।