যোৰহাটৰ গণ আক্ৰমণৰ ঘটনাৰে সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে পুনৰ আন এজনক আটক কৰে। উল্লেখ্য যে, এই নৃশংস কাণ্ডৰে জড়িত থকাৰ অভিযোগত যোৰহাট আৰক্ষীয়ে ইতিমধ্যে ১৪ জনক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীয়ে নতুনকৈ আটক কৰা যুৱকজনক প্ৰিয়াংশু দাস ওৰফে তিলক বুলি জানিব পৰা গৈছে।
প্ৰণিধানযোগ্য যে, যোৱা ৩০ নৱেম্বৰত যোৰহাট চহৰৰ নিৰ্মল চাৰিআলিৰ সমীপত তিনি যুৱকক প্ৰহাৰ কৰিছিল এটা ৫০ জনীয়া দলে। যাৰ ফলত অনিমেশ ভূঞা নামৰ গোলাঘাটৰ আছু নেতাজনৰ মৃত্যু ঘটাৰ বিপৰীতে বাকী দুজন আহত হয়। এই গনাক্ৰমনৰ ঘটনাৰ ক্ষীপ্ৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। আনফালে সমগ্ৰ ঘটনাৰ মূল খলনায়ক নিৰজ দাস ওৰফে ক’লা গুণ্ডাই আৰক্ষী জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰে।