যোৰহাট চহৰত একাংশ বৰ্বৰ লোকৰ গণ প্ৰহাৰত আছু নেতা অনিমেশ ভূঞাৰ মৃত্যুৰ পিছতে আৰক্ষীয়ে ১৩জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য যে, সোমবাৰে দিনৰ পোহৰতেই গোলাঘাটৰ তিনি যুৱকৰ ওপৰত প্ৰহাৰ চলাইছিল এটা ৫০ জনীয়া দলে। সেই ঘটনাত কৰুণ মৃত্যুক সাৱটিবলগীয়া হৈছিল অনিমেশ ভূঞাই। আনহাতে আহত হৈছিল বাকী দুজন।
ইফালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত কেইজনৰ ৯জনক ক্ৰমে- নিৰজ দাস, মোহন দাস, দেৱ দাস, চাৰুলোৰা দাস, চিৰঞ্জীব, বিতোপন দাস, বিক্ৰম দাস, সুভাষ বৰা আৰু অবিনাশ বৰা বুলি চিনাক্ত কৰা হৈছে।
যোৱা নিশা, বিশেষ ডিজিপি (আইন-শৃংখলা) জিপি সিঙে জনায় যে গোচৰটোৰ সন্দৰ্ভত ১০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ এইটোও কয় যে বিষয়টোৰ ওপৰত সৰ্বোচ্চ পৰ্যায়ত তদন্ত আৰম্ভ কৰা হ’ব।
উল্লেখ্য যে, ঘটনাটো সোমবাৰে যোৰহাট চহৰৰ নিৰ্মল চাৰিআলি অঞ্চলৰ ওচৰৰ ট্ৰাক ষ্টেণ্ডত সংঘটিত হৈছিল।
আছুৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক (গোলাঘাট গোট)ৰ শিক্ষা সম্পাদক অনিমেশ ভূঞাই সোমবাৰে আন দুজনৰ সৈতে যোৰহাটলৈ কিছু ব্যক্তিগত কামৰ বাবে গৈছিল। আবেলি, তেওঁলোকক এটা দুৰ্ঘটনাৰ ঘটনাত জড়িত থকাবুলি সন্দেহ কৰি একাংশ লোকে নিৰ্মমভাৱে আক্ৰমণ কৰে।
এই ঘটনাত তিনিওজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। যাৰ পিছত যোৰহাট আৰক্ষীয়ে তেওঁলোকক যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ (জেএমচিএইচ) লৈ যায়। চিকিৎসকসকলে অৱশ্যে অনিমেশ ভূঞাক মৃত বুলি ঘোষণা কৰিছিল।
ঘটনাটোৰ পৰিপ্ৰেক্ষিতত, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আছু নেতাজনৰ মৃত্যুত শোক প্ৰকাশ কৰে আৰু অভিযুক্তক কঠোৰতম শাস্তি প্ৰদান কৰিব পৰাকৈ যোৰহাট আৰক্ষীক তদন্ত ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে।
