অনিমেশ ভূঞা গণনিগ্ৰহ কাণ্ডৰ মূল অভিযুক্ত ‘কালা গুণ্ডা’ ওৰফে নিৰজ দাসৰ আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত (জেএমচিএইচ) মৃত্যু ঘটে।
নিৰজ দাস ওৰফে ‘কালা গুণ্ডা’ক গণ নিগ্ৰহৰ ভাইৰেল ভিডিওৰ জৰিয়তে চিনাক্ত কৰা হৈছিল। উল্লেখ্য যে, সোমবাৰে দুপৰীয়া যোৰহাট চহৰৰ মাজমজিয়াত এটা সামান্য দুৰ্ঘটনাৰ গইনা লৈ নিৰজ দাসৰ নেতৃত্বত ৫০ জনৰো অধিক লোকে তিনি যুৱকক আক্ৰমণ কৰিছিল। এই ঘটনাত অনিমেশ ভূঞা নামৰ আছু নেতাজনৰ মৃত্যুৰ বিপৰীতে বাকী দুজন আহত হয়।
মুখ্য অভিযুক্ত নিৰজ দাস আৰক্ষীৰ পৰা পলাই যোৱাৰ চেষ্টাত নিহত হয়। অভিযুক্তজনক লৈ যোৱা বাহনখনৰ পৰা জঁপিয়াই পলাই যাবলৈ চেষ্টা কৰোঁতে, আৰক্ষী বাহিনীৰ আন এখন বাহনে খুন্দা মাৰে নিৰজক। অভিযুক্তজনক জেএমচিএইচলৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষিত কৰা বুলি জানিব পৰা গৈছে।
