শিক্ষিতৰ চহৰ খ্যাত যোৰহাটতে এই ভূলুণ্ঠিত হল মানৱতা। এজন মদাহী বৃদ্ধক সহায় কৰিবলৈ গৈ গণপ্ৰহাৰত প্ৰাণ হেৰুৱালে এজন চফল যুৱকে। সোমবাৰে দিনৰ পোহৰতে যোৰহাট চহৰৰ মাজমজিয়াত সংঘটিত হল এই বৰ্বৰ ঘটনা।
গোলাঘাটৰ অনিমেশ ভূঞা, মৃদুষ্মন্ত বৰুৱা আৰু আন এজন বন্ধুৱে অলপ বজাৰ কৰিবলৈ আহিছিল যোৰহাটলৈ। অনিমেশ ভূঞা ছাত্ৰ সন্থাৰ সদস্য, মৃদুষ্মন্ত এটা ব্যক্তিগত টিভি চেনেলৰ স্থানীয় সংবাদদাতা। তেওঁলোকে বাটৰ ওপৰত স্কুতিৰ পৰা পৰি যোৱা এজন মদাহী বৃদ্ধক সহায় কৰিবলৈ গৈছিল। কিন্তু তাৰ পিছতে ঘটে অঘটন।
প্ৰায় ৫০ জনীয়া লোকৰ দল এটাই যুৱক জনক নিৰ্মম ভাবে প্ৰহাৰ কৰে, চোঁচৰাই লৈ যায়। যাৰ ফলত অনিমেশ ভূঞাই কৰুণ মৃত্যুক সাৱটি লবলগীয়া হয়।
যোৰহাটৰ মাজমজিয়াত সংঘটিত এই লজ্জাজনক ঘটনাক এতিয়া ধিক্কাৰ দিছে সকলোৱে। আৰক্ষীয়ে তৎপৰতা গ্ৰহণ কৰি গণ প্ৰহাৰৰ মূল খলনায়ক কলা ল’ৰা ওৰফে নিৰজ দাস সহ ১০ জনক ইতিমধ্যে আটক কৰিছে। দোষীক উচিত শাস্তি বিহাৰ দাবী জনাইছে সকলোৱে।
