যোৰহাটৰ বাঘমৰাত যাত্ৰীসহ ব্ৰহ্মপুত্ৰত ডুবিল নাও, পিকনিক খাবলৈ গৈ ব্ৰহ্মপুত্ৰত কৰিছিল নৌকা বিহাৰ

66

যোৰহাটৰ বাঘমৰাত যাত্ৰীসহ ব্ৰহ্মপুত্ৰত ডুবিল নাও, পিকনিক খাবলৈ গৈ ব্ৰহ্মপুত্ৰত কৰিছিল নৌকা বিহাৰ
একাংশ লোকক উদ্ধাৰ কৰা হৈছে যদিও শিশু-মহিলাসহ ৪ জন লোক সন্ধানহীন হৈ আছে।
যোৰহাটৰ উপকণ্ঠৰ বাঘমৰাত মঙলবাৰে বিয়লি ব্ৰহ্মপুত্ৰত সংঘটিত হৈছে ভয়ঙ্কৰ নাও দুৰ্ঘটনা। বাঘমৰাত পিকনিক খাবলৈ যোৱা এটা দল ব্ৰহ্মপুত্ৰত নৌকাবিহাৰ কৰিবলৈ গৈছিল। সেই সময়তে নাওখন ব্ৰহ্মপুত্ৰত ডুব যায়। নাওখনত যোৰহাট নগৰৰ পুৰণা বালিবাট আৰু ৰয়েল ৰোডৰ পৰা যোৱা শিশু-মহিলাসহ বহুকেইগৰাকী লোক আছিল বুলি প্ৰাথমিক তথ্যত প্ৰকাশ। একাংশ লোকক উদ্ধাৰ কৰা হৈছে যদিও শিশু-মহিলাসহ ৪ জন লোক সন্ধানহীন হৈ আছে।
ইতিমধ্যে উদ্ধাৰ কৰা এগৰাকী কিশোৰী আৰু এগৰাকী মহিলাক JMCHত ভৰ্তি কৰা হৈছে। এছডিআৰএফ ৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। বাঘমৰা উইণ্টাৰ কাৰ্ণিভেল নামৰ যোৰহাটৰ উপকণ্ঠৰ ব্ৰহ্মপুত্ৰৰ কাষৰ এই অঞ্চলটো এক জনপ্ৰিয় পিকনিক স্পট ৰূপে গঢ় দিছিল একাংশ লোকে।
ইয়ালৈ পিকনিক খাবলৈ যোৱা লোকসকলক কেন্দ্ৰ কৰি নৌকা বিহাৰকে ধৰি বিভিন্ন আমোদ-প্ৰমোদৰ ব্যৱস্থা কৰি আহিছিল একাংশ যুৱকে। কিন্তু এনেদৰে ব্ৰহ্মপুত্ৰত নৌকা বিহাৰ কৰোতে লাইফ জেকেটকে ধৰি কোনো ধৰণৰ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা নহয়। আৰু তাৰেই পৰিণতিত অঞ্চলটোত এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে।