যোৰহাটৰ অনিমেশ ভূঞা হত্যাকাণ্ডৰ ৫ অভিযুক্তৰ জামিন মঞ্জুৰ আদালতৰ

334

জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই আহিল যোৰহাটত ছাত্ৰ নেতা অনিমেশ ভুঞা গণপ্ৰহাৰৰ সৈতে জড়িত ৫ অভিযুক্তই। জানিব পৰা মতে, গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পিছতে শনিবাৰে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয় ৫ অভিযুক্তক।

ছাত্ৰ নেতাগৰাকীৰ গণ প্ৰহাৰৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ১২ অভিযুক্তৰ পিছত জামিন লাভ কৰা অভিযুক্ত কেইজন হৈছে মোহন দাস, বিতোপন দাস, অকণি ওৰফে সঞ্জু দাস, ৰাতুল দাস আৰু বিক্ৰম দাস। আন অভিযুক্ত লোকসকলেও জামিন পোৱাৰ সম্ভাৱনা আছে বুলি বাতৰি প্ৰকাশ পাইছে।

উল্লেখ্য যে ২০২১ চনৰ নৱেম্বৰ মাহত যোৰহাট চহৰৰ মাজমজিয়াত প্ৰায় ৫০–৬০ জন লোকে সদৌ অসম ছাত্ৰ সন্থাৰ নেতা অনিমেশ ভূঞা আৰু তেওঁৰ দুই বন্ধুৰ ওপৰত আক্ৰমণ চলাইছিল।

স্কুটাৰৰ পৰা বাগৰি পৰা এজন সুৰাসক্ত বৃদ্ধ লোকক সহায় কৰিবলৈ যোৱাৰ সময়তে দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ তুলি আক্ৰমণ চলাইছিল সেই দলটোৱে। এই ভয়ংকৰ গণ প্ৰহাৰত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল অনিমেশ ভূঞাই।

এই ঘটনাৰ সৈতে জড়িত প্ৰধান অভিযুক্ত নীৰজ দাস ওৰফে ‘ক’লা লৰা’কে ধৰি ১৩জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। অৱশ্যে পিছত আৰক্ষীৰ জিম্মাত থকা অৱস্থাত দুৰ্ঘটনাত মৃত্যু হয় নীৰজ দাসৰ।

উল্লেখযোগ্য যে যিজন ব্যক্তিৰ বাবে অনিমেশে প্ৰাণ হেৰুৱাইছিল তেওঁ আন কোনো নহয়, প্ৰধান অভিযুক্ত নীৰজৰ পিতৃ মোহন দাস আছিল। শনিবাৰে এইজন মোহন দাসেও জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হয়।