সোমবাৰে পুৱা যোৰহাট অভিমুখী ইণ্টাৰচিটি এক্সপ্ৰেছে ৰাজাবাৰী ৰে’লপথৰ ওচৰত এখন মালবাহী ট্ৰাকত খুন্দা মৰাৰ ফলত যোৰহাটত এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হয়।
দুৰ্ঘটনাটো ইমানভয়ংকৰ আছিল যে মালবাহী ট্ৰাকখন দুটা টুকুৰা হৈ চিটিকি পৰে। স্থানীয় লোকে জানিবলৈ দিয়া মত এনএল ০১এল ৩২৫৪ নম্বৰৰ ট্ৰাকখন পঞ্জাৱ অভিযান্ত্ৰিক কোম্পানীৰ ওচৰত ৰেললাইনৰ কাষত ৰাখি থোৱাৰ সময়তে তীব্ৰবেগী ৰেলে মহতিয়াই নিয়ে।
অৱশ্যে, কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।
