যোৰহাট নগৰৰ মাজমজিয়াত বৰ্বৰ আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুওৱা অনিমেশ ভূঞা হত্যাকাৰণ্ডৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। অধিবক্তা ৰিণ্টু গোস্বামীক চৰকাৰী পক্ষৰ অধিবক্তা হিচাপে নিয়োগ কৰি যোৰহাটৰ চেছন আদালতত আৰম্ভ হৈছে বিচাৰ প্ৰক্ৰিয়া।
উল্লেখ্য যে, ২০২১ৰ ২৯ নৱেম্বৰত যোৰহাট নগৰৰ মাজমজিয়াত বন্ধুৰ সৈতে যোৱা অনিমেষ ভূঞাক এদল উন্মত্ত লোকে নৃশংস আক্ৰমণ চলাই হত্যা কৰিছিল।
আৰক্ষীয়ে উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ১৫জন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰু ইয়াৰে ১৪ জনক দোষী সাব্যস্ত কৰা হৈছিল। ঘটনাৰ মূল অভিযুক্ত নীৰজ দাস নামৰ যুৱকজনৰ যোৱা ১ ডিচেম্বৰৰ নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা চলোৱাৰ সময়ত দুৰ্ঘটনাত পতিত হৈ মৃত্যু ঘটিছিল।
আনহাতে আৰক্ষীয়ে চলিত বৰ্ষৰ ১৭ জানুৱাৰীত উক্ত ঘটনাৰ এখন ৩৩৯ পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল কৰিছিল।
