যোৰাহাট চিকিৎসা মহাবিদ্যালয়ৰ সেৱাৰ মাচুল বৃদ্ধিৰ সিদ্ধান্তৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ চৌহদত কেইবাটাও জাতীয় সংগঠনে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । সূত্ৰ খবৰ অনুসৰি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,কৃষক মুক্তিয়ে আজি মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদকাৰীয়ে ‘মাচুল বৃদ্ধি মানি লোৱা নহব’, ‘মাচুল বৃদ্ধি সিদ্ধান্ত প্ৰত্যাহাৰ কৰক’ আদি শ্ল’গানেৰে উত্তাল কৰি তোলে জেএমচিএইচৰ চৌহদ ।একাংশ সচেতন লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে, যোৰহাট চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসা সেৱাৰ মাচুল বৃদ্ধিৰ সিদ্ধান্তই সাধাৰণ খাঁটি খোৱাৰ লোকৰ চিকিৎসা সেৱাৰ সুবিধা লাভ কৰাৰ ক্ষেত্ৰত ডাঙৰ প্ৰত্য়াহ্বানৰ সৃষ্টি কৰিব ।
Latest article
ঐতিহ্য়মণ্ডিত হৰ্ণবিল সংগীত মহোৎসৱৰ সৈতে নিৰন্তৰ সহযোগিতা অব্যাহত ৰখাৰ ঘোষণা টিকেএমৰ
টয়োটা কিৰ্লোস্কাৰ মটৰ চমুকৈ টিকেএমে ক্ৰমাগত তৃতীয় বছৰৰ বাবে ভাৰতৰ অন্যতম পৰিচিত সাংস্কৃতিক উদযাপনৰ থলী হৰ্ণবিল সংগীত মহোৎসৱৰ টাইটেল স্পনছৰশ্বিপ ৰূপে সহযোগিতা অব্যাহত ৰখাৰ...
আপুনি লাভ কৰিব বিনামূলীয়া বিদ্যুৎ সেৱা
দেশবাসীৰ বাবে আহিল সুখবৰ।আপুনি লাভ কৰিব বিনামূলীয়া বিদ্যুৎ সেৱা।উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীলৈ আগবঢ়োৱা এক অভিলাষী আঁচনি হৈছে পিএম সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনা।...
কলাগুৰু বিষ্ণু ৰাভাৰ কলাগুৰু বিষ্ণু ৰাভাৰ কীৰ্তিক কেন্দ্ৰ কৰি ভুল তথ্যৰে বিতৰ্ক সৃষ্টি হৈছে
কলাগুৰু বিষ্ণু ৰাভাৰ কীৰ্তিক কেন্দ্ৰ কৰি ভুল তথ্যৰে বিতৰ্ক সৃষ্টি হৈছে। ‘আধুনিক অসমৰ নিৰ্মাতা’ নামৰ কিতাপখনৰ সহায়ক পুথিত বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত বিভ্ৰান্তিকৰ তথ্যৰে পাঠ্যপুথি...