যোৰহাটত পত্নী-সন্তান-মাতৃক গুলিয়াই হত্যাৰ চেষ্টা চলোৱা চিত্ৰৰঞ্জনক গ্ৰেপ্তাৰ, অবৈধ মৰণাস্ত্র জব্দ

102

যোৰহাটৰ মেলেঙ হুদামুৱাত পত্নী আৰু সন্তানক গুলিয়াই হত্যাৰ চেষ্টা চলোৱা চিত্ৰৰঞ্জন বৰা নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। আৰক্ষীয়ে অভিযুক্তজনৰ পৰা এটা 7.65 mm পিষ্টল আৰু দুজাই সজীৱ গুলী আৰু এটা খালী কাৰ্টিজ জব্দ কৰিছে।

জানিব পৰা মতে চিত্ৰৰঞ্জন বৰা নামৰ লোকজনে প্ৰায়ে পত্নীৰ সৈতে কাজিয়া কৰি ঘৰত অশান্তিৰ সৃষ্টি কৰি আহিছিল। সোমবাৰে নিশাও পত্নীৰ সৈতে কাজিয়া লাগি অবৈধ পিষ্টলেৰে পত্নী, দুই সন্তান আৰু মাতৃক গুলিয়াই হত্যাৰ চেষ্টা চলাইছিল। কিন্তু চিত্ৰৰঞ্জনৰ আক্ৰমণৰ পৰা কোনোমতে ৰক্ষা পৰি পলায়ন কৰে পত্নীসহ পৰিয়ালটোৱে। তাৰ পিছতে পত্নীয়ে আৰক্ষীক দিয়া অভিযোগৰ ভিত্তিত অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামীৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই চিত্ৰৰঞ্জনক গ্ৰেপ্তাৰ কৰাৰ লগতে উক্ত 7.65 এম এম পিষ্টলটো, দুটা সজীৱ গুলীসহ এটা মেগজিন আৰু এটা খালী কাৰ্টিজ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, যোৰহাটৰ বিভিন্ন প্ৰান্তত অবৈধ মৰণাস্ত্র দেখুৱাই ধন লুট কৰি নিয়াৰ ঘটনা বৃদ্ধি পোৱাত আৰক্ষীৰ মহলতো উদ্বেগৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে জিলাখনত অবৈধ মৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে।