যোৰহাটৰ মালৌআলিৰ গায়নগাৱত শনিবাৰে বিয়লি সংঘটিত হয়।
এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বালি ভৰ্তি এখন ডাম্পাৰৰ খুন্দাত বাইকত যোৱা এজন স্থানীয় যুৱকৰ থিতাতে মৃত্যু হয়।
নিহত যুৱকজন এলেংমৰাৰ ৰূপম বৰা বুলি জানিব পৰা গৈছে।
ইয়াৰ পিছতেই দ্ৰুতবেগী ডাম্পাৰৰ দৌৰাত্মক লৈ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।
ৰাইজে বালি সৰৱৰাহ কৰা এই ডাম্পাৰসমূহক নিয়ন্ত্ৰণ কৰাত আৰক্ষী, বনবিভাগ ব্যৰ্থ হোৱাৰ গুৰুতৰ অভিযোগ তুলিছে।
ৰাইজৰ অভিযোগ অনুসৰি নিতৌ এই পথেৰে চলাচল কৰা ডাম্পাৰসমূহ পথাচাৰীসকলৰ বাবে এক প্ৰকাৰ সন্ত্ৰাস হৈ পৰিছে।
এই ঘটনা সংঘটিত হোৱাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলিত আৰক্ষীক মোটায়েন কৰা হয়।
