ধনৰ বাবেই বন্ধুৰ হাতত এজন যুৱকৰ মৃত্যুৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে যোগীঘোপাত।
অভিযুক্ত শ্বাহিনূৰ ইছলামে যোৱা ৩০ জুনত দুয়ো একেলগে ওলাই যোৱাৰ পিছত তেওঁৰ বন্ধু নৌছাদ আলীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।
লাভ কৰা তথ্য অনুসৰি শুকুৰবাৰে দুয়োজন বন্ধুৱে গাড়ী কিনিবলৈ ওলাই গৈছিল।
অৱশ্যে সেইদিনাৰ পৰা নৌছাদ আলী ঘূৰি নোযোৱাত নিৰুদ্দেশ সম্পৰ্কে থানাত এজাহাৰ দাখিল কৰে পৰিয়ালে। আনহাতে ঘটনাৰ পিছতে সন্ধানহীন হৈ থাকে শ্বাহিনূৰো।
ইয়াৰ পিছতে ১ জুলাই শনিবাৰে নৌছাদ আলীৰ মৃতদেহ উদ্ধাৰ হয়।
বঙাইগাঁৱৰ বৰঘোলা কাহিবাৰীত আই নদীৰ ওপৰত থকা দলঙৰ সমীপত উদ্ধাৰ হয় মৃতদেহটো।
পোহৰলৈ আহিছে যে হত্যাকাণ্ড সংঘটিত কৰি অপৰাধস্থলীৰ পৰা পলায়ন কৰিছিল শ্বাহিনূৰ।
অৱশ্যে যোগীঘোপা আৰক্ষীয়ে শ্বাহিনূৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আনহাতে বৈতামাৰীৰ বোৱালিমাৰী পইণ্টত হত্যাকাৰীক ফাঁচী দিয়াৰ দাবীত প্ৰতিবাদৰ সূত্ৰপাত ঘটিছে।
তদুপৰি যোগীঘোপা সংযোগী পথ অৱৰোধ কৰিছে প্ৰতিবাদকাৰীয়ে।
