মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান
ষ্টাফ ৰিপৰ্টাৰ: সোণাপুৰৰ যোগদলত নতুন টোলগেট স্থাপনৰ বিৰোধিতাৰে কামৰূপ মহানগৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লৈ শুকুৰবাৰে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে। স্মাৰকপত্ৰ যোগে পৰিষদৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি ইছমাইল আলীয়ে কয় ” ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ আৰু পুতৌলগা অৱস্থা সমূহ উন্নীত নকৰাকৈ কেৱলমাত্ৰ অৰ্থ সংগ্ৰহৰ বাবে এখন টোলগেট মুকলি কৰাটো অসমবাসীৰ বাবে অতি দুৰ্ভাগ্যজনক বিষয়। ৰহাৰ টোলগেটক লৈ এখন সংগ্ৰাম চলি থকাৰ সময়ত কেন্দ্ৰ চৰকাৰে অবৈধ ভাৱে টোল কৰ সংগ্ৰহৰ ব্যৱস্থা গ্ৰহণ কৰি অবৈধ টোল গেটৰ বিৰুদ্ধে নিষ্ঠা সহকাৰে সংগ্ৰাম অব্যাহত ৰখা অসমৰ ৰাইজ আৰু দল সংগঠনৰ দাবীক নস্যাত কৰি সোণাপুৰৰ যোগদলত সমগ্ৰ ৰাইজ আৰু জাতীয় দল সংগঠনৰ দাবী আৰু আবেগ অনুভূতিক প্ৰত্যাখ্যান কৰি পুনৰ এখন টোলগেট প্ৰতিষ্ঠা কৰি অসমৰ অৰ্থ সংকটৰ সময়ত অতিৰিক্ত কৰৰ বোজা জাপি দি জনসাধাৰণক এক অন্ধকাৰ ভৱিষ্যতৰ পিনে ঠেলি দিয়াটো দৃষ্টিগোচৰ হৈছে। সেয়েহে ৰাইজৰ স্বাৰ্থত এনেদৰে টোল কৰ সংগ্ৰহ বন্ধ কৰি এই টোলগেট মুকলিৰ সিদ্ধান্ত চৰকাৰক প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনালোঁ।”