যেতিয়া লতা দিদি আৰু ৰফী চাহাবৰ মাজত ৪ বছৰ ধৰি বন্ধ হৈ আছিল মাত-বোল…

1744

এটা যুগৰ অৱসান ঘটাই দেওবাৰে চিৰ বিদায় ল’লে কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰে! ৯২ বছৰ বয়সত মুম্বাইৰ ব্ৰীছ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰা ‘নাইটিঙ্গেল অৱ ইণ্ডিয়া’ৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰি ৰাখিছে সমগ্ৰ দেশবাসীক।

৩৬টা ভাষাত হাজাৰোধিক ছবিত কণ্ঠ নিগৰোৱা লতা মংগেশকাৰ তেওঁৰ সুমধুৰ কণ্ঠ আৰু ভুৱন ভুলোৱা হাঁহিটিৰ বাবে সকলোৰে মাজত প্রিয় আছিল। বলিউড জগতত হয়তো এনে কোনো কলা-কুশলী নাছিল, যিয়ে লতা দিদিক বেয়া পাইছিল।

কিন্তু কোকিলকণ্ঠী লতা মংগেশকাৰ আৰু প্ৰখ্যাত কণ্ঠশিল্পী মহম্মদ ৰফীৰ মাজত হোৱা এখন বাকযুদ্ধৰ বিষয়ে কম সংখ্যক লোকেহে জানে। লতা দিদিৰ বলিউডত পদৰ্পণৰ আৰম্ভণিৰ সময়ছোৱাতে মহম্মদ ৰফীৰ সৈতে সৃষ্টি হৈছিল এই সংঘাতৰ। যাৰ বাবে সুদীৰ্ঘ ৪ বছৰ দুয়োগৰাকী প্ৰখ্যাত কণ্ঠশিল্পীৰ মাজত মাত-বোল বন্ধ হৈ আছিল।

সেয়া ১৯৬১ চনৰ কথা। ‘মায়া’ নামৰ ছবিখনৰ ‘তছবিৰ তেৰি দিল মে’ শীৰ্ষক গানটোৰ ৰেকর্ডিংৰ সময়ত ষ্টুডিঅ’ৰ ভিতৰতে বাকযুদ্ধত লিপ্ত হয় লতা দিদি আৰু ৰফী চাহাব। এই বাকযুদ্ধই ইমানেই ভয়ংকৰ ৰূপ লয় যে দুয়োগৰাকী কণ্ঠশিল্পীয়ে ভৱিষ্যতে একেলগে কাম নকৰাৰ সিদ্ধান্তও লৈ পেলায়।

দৰাচলতে লতা মংগেশকাৰ আৰু মহম্মদ ৰফীৰ মাজত এই বাকযুদ্ধৰ সূত্ৰপাত হৈছিল গায়কৰ ৰয়েলটিক লৈ। লতা দিদিয়ে সকলো গায়কৰ পক্ষত থিয় হৈ গায়কৰ ৰয়েলটি প্ৰদানৰ বিষয় উত্থাপন কৰাৰ পিছতে মহম্মদ ৰফীয়ে ইয়াৰ বিৰোধিতা কৰে।

এই বাকযুদ্ধৰ সময়তে ৰফী চাহাবে লতা মংগেশকাৰৰ ভৱিষ্যতে কেতিয়াও গীত নোগোৱাৰ ঘোষণা কৰে। মহম্মদ ৰফীৰ এই কথাত খঙত অগ্নিশর্মা হৈ পৰা লতা মংগেশকাৰেও উভতি ধৰি কয়- “আপুনি মোৰ সৈতে গান নাগায় বাদ দিয়ক, মই নিজেও কেতিয়াও আপোনাৰ সৈতে গান নাগাও।”

তাৰ পিছত প্ৰায় ৪টা বছৰ লতা মংগেশকাৰ আৰু মহম্মদ ৰফীৰ মাজত মাত-বোল বন্ধ হৈ পৰে। সেই সময়ছোৱাত তেওঁলোকে একেলগে গীত গোৱা আৰু মঞ্চত পৰিবেশন কৰাৰ পৰাও বিৰত থাকে।

কিন্তু ১৯৬৭ চনত মুক্তি লাভ কৰা ‘জুৱেল থিফ’ চলচ্চিত্ৰখনৰ ‘দিল পুকাৰে আ ৰে আ ৰে’ৰ জৰিয়তে যেন অৱসান ঘটে লতা মংগেশকাৰ আৰু মহম্মদ ৰফীৰ মাজৰ ৪ বছৰীয়া বিবাদৰ।

১৯৬৭ চনত সংগীতকাৰ জয়কিষাণৰ নিৰ্দেশত ৰফী চাহেবে লতালৈ এখন পত্ৰ লিখি ক্ষমা বিচাৰে। তাৰ পিছতে লতা মংগেশকাৰ আৰু মহম্মদ ৰফীৰ মাজৰ বিবাদৰ অন্ত পৰে। ১৯৬৭ চনত আৰ ডি বৰ্মনৰ এক অনুষ্ঠানত, দুয়োজনে ‘জুৱেল থিফ’ চলচ্চিত্ৰৰ এই গানটো একেলগে পৰিবেশন কৰে আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ এই যুটীয়ে কেইবাটাও চিৰ সেউজ গান সংগীতপ্ৰেমীক উপহাৰ দিয়ে।