যুৱতীৰ আত্মহত্যাৰ পিছতে পদত্যাগ মহাৰাষ্ট্ৰৰ বনমন্ত্ৰী সঞ্জয় ৰাথোৰৰ

55

মহাৰাষ্ট্ৰৰ পুনেত এগৰাকী ২৩ বৰ্ষীয় যুৱতীয়ে আত্মহত্যা কৰাৰ পিছতে পদত্যাগ কৰে ৰাজ্যখনৰ বনমন্ত্ৰী সঞ্জয় ৰাথোৰে। উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ ভিণ্ড জিলাৰ পূজা চৌহান নামৰ যুৱতীগৰাকীয়ে পুনেলৈ ইংৰাজী শিক্ষা গ্ৰহণৰ বাবে আহিছিল। কিন্তু পুনেতেই নিজৰ ভাড়াঘৰত আত্মহত্যা কৰে যুৱতীগৰাকীয়ে।

আনহাতে যুৱতীগৰাকীৰ আত্মহত্যাৰ পিছতে ছ’চিয়েল মিডিয়াত এটা অডিঅ’ ভাইৰেল হৈ পৰে। এই অডিঅ’টোত বনমন্ত্ৰী সঞ্জয় ৰাথোৰে যুৱতীগৰাকীক আত্মহত্যা কৰিবলৈ কৈ থকাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে। এই অভিযোগৰ পিছতে বনমন্ত্ৰীৰ দায়িত্বৰ পৰা পদত্যাগ কৰি সঞ্জয় চৌহানে কয় যে তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ বাবেই তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হৈছে।