যোৱা ২৯ জানুৱাৰীত উত্তৰ দিল্লীৰ চব্জী মণ্ডিত ভাড়াতীয়া বস্তু নিদিয়াৰ বাবে এজন লোকক প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগত নাবালকসহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
এজন প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, দুয়োজন অভিযুক্তই কাঠৰ বাটামাৰে মূৰত মৰিয়াই হত্যা কৰিছিল ২৫ বৰ্ষীয় ৰাজা নামৰ যুৱকজনক।
এই হত্যাকাণ্ডৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত দুয়োজনক।
