যিয়ে নীতিশ কুমাৰৰ নেতৃত্ব মানি ল’ব, তেওঁহে এনডিএত থাকিব পাৰিবঃ বিজেপি

67

ডিজিটেল ডেস্কঃ বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজতো তৎপৰতা বৃদ্ধি পাইছে। বিজেপিয়ে পুনৰ এবাৰ জেডিইউৰ অধ্যক্ষ নীতিশ কুমাৰক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে লৈ এনডিএ মিত্ৰজোঁটেৰে নিৰ্বাচনত অৱৰ্তীৰ্ণ হোৱাৰ প্ৰস্তুতি চলাইছে। ইতিমধ্যে আসনৰ ভাগ বতোৱাৰা সম্পন্ন কৰি নিৰ্বাচনৰ বাবে সাজু হৈছে এনডিএ। আনফালে বিহাৰৰ অন্যতম ৰাজনৈতিক দল তথা এনডিএ সহযোগী লোক জনশক্তি পাৰ্টীয়ে এইবাৰ ৰাজ্যখনৰ আটাইকেইটা সমষ্টিতে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ ঘোষণা কৰিছে।

এনে সময়তে বিহাৰ প্ৰদেশ বিজেপিৰ সভাপতি সঞ্জয় জয়ছোৱালে কয় যে যিয়ে বিহাৰত নীতিশ কুমাৰ কুমাৰৰ নেতৃত্বক স্বীকাৰ কৰিব, তেওঁহে এনডিএ মিত্ৰজোঁটত থাকিব পাৰিব। আনহাতে বিহাৰত নীতিশ কুমাৰ নেতৃত্বত এনডিএয়ে পুনৰ এবাৰ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বুলিও মন্তব্য কৰে সঞ্জয় জয়ছোৱালে।