‘যিজন মুখ্যমন্ত্ৰীয়ে নিজেই সাম্প্ৰদায়িক বিষবাষ্প বিয়পায়, তেওঁৰ নেতৃত্বত ৰাজ্যৰ উন্নয়ন কেনেকৈ সম্ভৱ হ’ব’

75

ডিজিটেল ডেস্কঃ সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বুধবাৰে লোক জনশক্তি পাৰ্টী (এলজেপি)ৰ নিৰ্বাচনী ঘোষণাপত্ৰ জাৰি কৰে দলৰ অধ্যক্ষ চিৰাগ পাছৱানে। বিহাৰৰ সৰ্বাংগীন উন্নয়নৰ দাবীৰে ‘বিহাৰ প্ৰথমে আৰু শীৰ্ষত’ লক্ষ্যৰে দলৰ ঘোষণাপত্ৰ জাৰি কৰি মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাইছে বুলি মন্তব্য কৰে চিৰাগ পাছৱানে।

তেওঁ কয়, ‘বৰ্তমানৰ মুখ্যমন্ত্ৰীক দেখি মই আশ্বৰ্যচকিত হও। আপুনি কেনেদৰে সাম্প্ৰদায়িকতাক প্ৰৰোচিত কৰিব পাৰে। যিজন ব্যক্তিয়ে নিজেই সাম্প্ৰদায়িক বিষবাষ্প বিয়পায়, তেওঁৰ নেতৃত্বত বিহাৰৰ উন্নয়ন কল্পনা কৰাটো অনুচিত। যদি ভুলবশতঃ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী নিৰ্বাচনত জয়ী হয়, তেন্তে আমাৰ ৰাজ্য হাৰি যাব। আমাৰ ৰাজ্যখন পুনৰ এবাৰ ধ্বংসৰ স্থিতিত উপনীত হ’ব।’

উল্লেখ্য যে, এনডিএ মিত্ৰজোঁট ত্যাগ কৰি লোক জনশক্তি পাৰ্টীয়ে এইবাৰ অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছিল। বিশেষকৈ কেন্দ্ৰীয় চৰকাৰে সংসদত কৃষি বিধেয়ক গৃহীত কৰাৰ পিছতে এনডিএৰ সৈতে সংঘাতৰ সূত্ৰপাত ঘটিছিল লোক জনশক্তি পাৰ্টীৰ। তাৰ পিছতে বিহাৰ নিৰ্বাচনতো দলটোৱে মিত্ৰতা ত্যাগ কৰি এনডিএৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ ঘোষণা কৰে।