যাত্ৰীৰ পৰা সোণ লুট কৰি সন্ধানহীন ৩ হোমগাৰ্ড, তীব্ৰ চাঞ্চল্য

478

ৰে’ল যাত্ৰীৰ ওপৰত লুণ্ঠন চলাই পলায়ন ৰে’লৱে আৰক্ষীৰ তিনিজন হোমগাৰ্ডৰ।

সোমবাৰে এই ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

জানিব পৰা মতে, কাঞ্চনজংঘা এক্সপ্ৰেছত থকা এজন যাত্ৰীৰ পৰা এক কেজি সোণ লুটি নিয়াৰ পিছৰে পৰা সন্ধানহীন হৈ আছে হোমগাৰ্ড কেইজন।

যোৱা ২৪ অক্টোবৰত সংঘটিত হৈছিল এই ঘটনা।

নিৰুদ্দেশ হৈ থকা হোমগাৰ্ড কেইজনৰ পৰিচয় আজমল আলী, তাফিকুৰ ৰহমান আৰু আকতুৰ আলী বুলি জানিব পৰা গৈছে।

গুৱাহাটীৰ কামাখ্যা জংচনত নিয়োজিত হৈ আছিল হোমগাৰ্ড কেইজন।

ইফালে, অভিযুক্ত হোমগাৰ্ডৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাত এক গোচৰ ৰুজু কৰা হৈছে।

অধিক অনুসন্ধান চলি আছে।