যাত্ৰীবাহী মিনি বাছত খুন্দা দ্ৰুতবেগী ৰে’লৰ, ১১ জনৰ মৃত্যু

91

বাংলাদেশৰ চট্টগ্ৰাম জিলাৰ মিৰছৰাই উপজিলাৰ খায়াছাৰা অঞ্চলত শুকুৰবাৰে এখন দ্ৰুতবেগী ৰে’লে এখন মিনি বাছ মহতিয়াই নিয়াৰ ফলত ১১ জন লোকৰ মৃত্যু ঘটাৰ লগতে ৭ জন লোক গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, দুৰ্ঘটনাটোত নিহত সকল এটা কোছিং চেণ্টাৰৰ শিক্ষক আৰু শিক্ষাৰ্থী আছিল।

বাতৰি অনুসৰি, খায়াছৰাৰ এটা অনুমোদিত লেভেল ক্ৰছিং পাৰ হোৱাৰ সময়তে মিনি বাছখনক মহতিয়াই লৈ যায় ৰে’লখনে।

সেই সময়ত লেভেল ক্ৰছিঙত গেটমেনজন উপস্থিত নথকাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে গেটমেনজনক।

চট্টগ্ৰাম ৰে’লৱে আৰক্ষী অধীক্ষক মহম্মদ হাছান চৌধুৰীয়ে জনোৱা মতে, হাথাজাৰীৰ অমনবজাৰ অঞ্চলৰ জুগিৰহাটত অৱস্থিত আৰ এণ্ড জে কোছিং চেণ্টাৰৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে মাইক্ৰ’ বাছখনেৰে খায়াছাৰাৰ ফোয়াৰালৈ গৈ থকা সময়তে শুকুৰবাৰে দুপৰীয়া ১.৪০ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়।

নিহত সকলক চালক গোলাম মোস্তাফা নিৰু, আৰ আৰু জে কোছিং চেণ্টাৰৰ শিক্ষক ৱাহিদুল আলম জিশান, জিয়াউল হক ছাজিব, মোস্তাফা মছুদ ৰকিব আৰু ৰিদৱান চৌধুৰী, শিক্ষাৰ্থী মহম্মদ হাছান, মোছাব আহমেদ হিছাম, মঃ সাগৰ, ইকবাল হোছেইন মাৰুফ আৰু মঃ ছাজ্জাদ বুলি চিনাক্ত কৰা হৈছে।