যমুনা নৈৰ পাৰলৈ যাব নোৱাৰিব কোনো ৰাজনৈতিক নেতাঃ বাধা আৰোপ কৰিলে পুৰহিতে

109

যমুনা নৈ পৰিস্কাৰ কৰাত ব্যৰ্থ হৈছে ৰাজনৈতিক নেতা। নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়ে, কিন্তু সেই প্ৰতিশ্ৰুতি পূৰণ নকৰে তেওঁলোকে। সেয়ে এইবাৰ যমুনা নৈৰ পাৰলৈ যোৱাত নেতাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে মথুৰাৰ পুৰোহিত সকলে।

যমুনা তীৰত এখন ফলক আঁৰি পুৰোহিত সমাজে লিখি থৈছে- নেতাসকলে নিজৰ প্ৰতিশ্ৰুতি পূৰণ নকৰে। সেয়ে যমুনা নৈত স্নান কৰা বা যমুনাৰ পানী স্পৰ্শ কৰাৰ অধিকাৰ নেতাসকলে হেৰুৱাই পেলাইছে।

উল্লেখ্য যে, বৰ্তমান চৰকাৰে নমামী গংগা, নমানী ব্ৰহ্মপুত্ৰৰ দৰে জলপূজাৰ আয়োজন কৰি মূল মূল নৈসমূহ পৰিস্কাৰ কৰাৰ ঢাক ঢোল বজালেও প্ৰকৃততে এনে উৎসৱসমূহ চৰকাৰী ধন ব্যয় কৰাৰ বাহিৰে বাকী একো কামত অহা নাই বুলি বিৰোধীয়ে সমালোচনা কৰি আহিছে। ইফালে যমুনা নৈৰ পানী পৰিস্কাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰে বহু ৰাজনৈতিক নেতাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজি পৰ্যন্ত সেয়া কাৰ্যকৰী নহল। বৰং যমুনা নৈৰ পানী দিনক দিনে দূষিত হৈ পৰাত এতিয়া মথুৰাৰ পুৰোহিত সকলে নেতাৰ যমুনা পূজাত বাধা প্ৰদান কৰিবলগা পৰিস্তিতিৰ সৃষ্টি হৈছে।