যমদূতৰ ৰূপত বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ

132

যমদূতৰ ৰূপত বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ।বিজনীৰ গেৰুকাবাৰী পথত থকা এটা উন্মুক্ত বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰে চিন্তিত কৰি তুলিছে বিজনীৰ সচেতন নাগৰিকক।বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ অভিযোগ।স্মাৰ্ট মিটাৰ লগালেই নহব, বিভাগটো স্মাৰ্ট হ’ব লাগিব, বিভাগটোৰ কৰ্মচাৰী স্মাৰ্ট হ’ব লাগিব।এই উপদেশ আমাৰ নহয়, বিদ্যুৎ বিভাগলৈ এই উপদেশ বিজনীৰ এগৰাকী সচেতন নাগৰিকৰ।বিজনী চহৰৰ মাজ মজিয়াৰ বিজনী গেৰুকাবাৰী পথত থকা বিদ্যুৎ বিভাগৰ মৰণ ফাণ্ড সদৃশ এটা উন্মুক্ত ট্ৰেন্সফৰ্মাৰক কেন্দ্ৰ কৰি এই উপদেশ সচেতন যুৱকৰ।প্ৰতিদিনেই সহস্ৰাধিক যান-বাহন, ছাত্র-ছাত্ৰী অহা-যোৱা কৰা অতি ব্যস্ততাপূৰ্ণ বিজনী গেৰুকাবাৰী পথটোত থকা এই ট্ৰেন্সফৰ্মাৰটোৱে চিন্তিত কৰি তুলিছে বিজনীবাসী ৰাইজক।এই সম্পৰ্কে সামাজিক মাধ্যমতো সৃষ্টি হৈছে যথেষ্ট প্ৰতিক্ৰিয়াৰ।স্থানীয় ৰাইজে বিজনীৰ বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ অভিযোগ উত্থাপন কৰি বিজনীৰ বৈদ্যুতিক উপ সংমণ্ডল বিষয়াক অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে।উল্লেখ্য যে বিজনী গেৰুকাবাৰী পথৰ কাষত মাত্ৰ এক ফুট দূৰত্বত আছে এই উন্মুক্ত ট্ৰেন্সফৰ্মাৰটো।যাৰ ফলত মানুহৰ উপৰিও জীৱ জন্তুৰ বাবেও বিপদজনক বুলি মন্তব্য কৰিছে সচেতনতা যুৱকজনে।