যদি সাহস আছে তেন্তে মাতৃৰ ভৰি চুই কওক কংগ্ৰেছৰ দিনত দালালি কৰা নাই: মন্ত্ৰী পীযুষ হাজৰিকাক প্ৰত্যাহ্বান কমলাক্ষ দে পুৰকায়স্থৰ

71

কংগ্ৰেছ-বিজেপিৰ বোকা চটিওৱাৰ ৰাজনীতি ক্ৰমাৎ তুংগত উঠিছে। এপিচিচিৰ সভাপতি ভূপেন বৰাৰ স্বৰচিত কবিতাৰ পৰা আৰম্ভ হোৱা এই বাকযুদ্ধৰ পৰিসৰত প্ৰতিদিনে চামিল হৈছে ন ন নেতা।

ভূপেন বৰাৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি পীযুষ হাজৰিকাই কংগ্ৰেছৰ ৮০ শতাংশই চোৰ-ডকাইত বুলি অভিহিত কৰাৰ পিছত এইবাৰ বিজেপি মন্ত্ৰীজনক উভতি ধৰিছে বিধায়ক কমলাক্ষ দে পুৰকায়স্থই।

প্ৰাক্তন কংগ্ৰেছী নেতা তথা বৰ্তমানৰ বিজেপি চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাক প্ৰত্যাহ্বান জনাই পুৰকায়স্থই কয় যে যদি সাহস আছে, তেন্তে পীযুষ হাজৰিকাই মাতৃৰ ভৰি চুই কওক যে তেওঁ কংগ্ৰেছত থকা কালত দালালি কৰা নাই বুলি।

কংগ্ৰেছ নেতাগৰাকীয়ে পীযুষ হাজৰিকাক কটাক্ষ কৰি কয় যে তেওঁৰ যদি সাহস আছে তেন্তে কওক যে কোনো লোকৰ পৰা এটকাও লৈ পোৱা নাই বুলি।

বিজেপিলৈ গৈ মন্ত্ৰী হোৱা পীযুষ হাজৰিকাই যুৱ কংগ্ৰেছৰ সভাপতি হৈ থাকোতে ছিণ্ডিকেট চলোৱাৰ অভিযোগ তুলি কমলাক্ষ দে পুৰকায়স্থই লগতে কয় যে পীযুষ হাজৰিকাই এতিয়া নিজকে বাল্মীকি সজোৱাৰ চেষ্টা কৰিছে।

কংগ্ৰেছৰ ৮০শতাংশ চোৰ-ডকাইত বুলি দাবী কৰা ক্ষমতালোভী মন্ত্ৰী পীযুষ হাজৰিকাই এই কথা পাহৰি পেলাইছে যে আনলৈ এটা আঙুলি টোঁৱালে নিজৰ গালৈ ৪টা আঙুলি টোওৱা হয় বুলিও কটাক্ষ কৰে কমলাক্ষ দে পুৰকায়স্থই।