মৰ্মান্তিক! শুই থাকোতেই নিশা বাসগৃহত অগ্নিকাণ্ড, শ্বাস বন্ধ হৈ ৫ শিশুৰ কৰুণ মৃত্যু

299

নিশা শুই থকা সময়তে ঘৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ পিছত ধোঁৱাৰ বাবে উশাহ বন্ধ হৈ বিচনাতে অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল পাঁচটি শিশুৱে। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আমৰোহা জিলাত।

আৰক্ষীৰ তথ্য অনুসৰি, যোৱা সোমবাৰে নিশা ঘৰটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ভিতৰত শুই আছিল ৭ জন লোকে। কিন্তু ধোঁৱাই সমগ্ৰ ঘৰটো বেঢ়ি ধৰাৰ ফলত ৫ টি শিশুৰ মৃত্যু ঘটে।

ইফালে পিছদিনা ৰাতিপুৱা ঘৰৰ পৰা ধোঁৱা ওলোৱা দেখি ওচৰ-চুবুৰীয়াৰ সন্দেহ জাগে। তাৰ পিছতে দুৱাৰ ভাঙি ঘৰৰ ভিতৰত সোমোৱাত দুজনক অচেতন অৱস্থাত উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি সেই ঘৰৰ মালিক আছিল ৰহিজুদ্দিন। দুৰ্ঘটনাত ৰহিজুদ্দিনৰ তিনি শিশুৰ লগতে তেওঁৰ আত্মীয়ৰ দুটি শিশুৰ কৰুণ মৃত্যু ঘটে।