মৰ্মান্তিক! বিবাহ অনুষ্ঠানৰ পৰা ওভতাৰ পথত দ খাৱৈত বাগৰি পৰিল বাহন, ৪ জনৰ মৃত্যু

298

বুধবাৰে হিমাচল প্ৰদেশৰ ৰাজধানী শিমলাত সংঘটিত হয় এক যন্ত্ৰণাদায়ক পথ দুৰ্ঘটনা। শিমলাৰ পৰা ১০০ কিলোমিটাৰ নিলগৰ ৰামপুৰৰ কালেদা-মাঝেৱতী পথৰ পৰা খাৱৈত বাগৰি পৰে এখন চাৰিচকীয়া বাহন। শিমলাৰ ৰামপুৰত এই দুৰ্ঘটনাত এগৰাকী যুৱতীসহ ৪ জন লোকৰ মৃত্যু হয়। একে সময়তে এগৰাকী যুৱতী আহত হোৱা বুলি জানিব পৰা গৈছে। আহত যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

তথ্য অনুসৰি গাড়ীখনত থকা আটাইকেইজন লোকে বিবাহ অনুষ্ঠানত অংশ লৈ বিবাহ অনুষ্ঠানৰ পৰা উভতি আহিছিল। এই সময়তে গাড়ীখন দুৰ্ঘটনাত পতিত হয়। গাড়ীখনত থকা আটাইকেইজন লোক আত্মীয় বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। বৰ্তমান আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

নিহত সকলক শিমলাৰ ৰামপুৰ দৰকালী তহচিলৰ কুশী গাঁৱৰ অবিনাশ মান্তা (২৪), সুমন (২২) হিমানী (২২) আৰু সন্দীপ (৪০) বুলি চিনাক্ত কৰা হৈছে। এই দুৰ্ঘটনাত আহত শিৱানী (২২) বৰ্তমান চিকিৎসাধীন হৈ আছে।

শ্বোলুন কেঁচিৰ ওচৰত সংঘটিত হয় দুৰ্ঘটনা।
ৰামপুৰ থানাৰ উপ-পৰিদৰ্শক জয়দেৱে জানিবলৈ দিয়া মতে, আজি পুৱা প্ৰায় ৮ বজাত দুৰ্ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰে। লগে লগে তেওঁৰ দলটোৱে সেই স্থানত উপস্থিত হয়। পথৰ পৰা প্ৰায় ৫০০ মিটাৰ নিলগত এটা দ খাৱৈত বাগৰি পৰে গাড়ীখন।