মৰ্মান্তিক! ডাম্পাৰৰ সৈতে সংঘৰ্ষৰ পিছতে দাউদাউকৈ জ্বলি উঠিল যাত্ৰীবাহী বাছ, ১৩ জনৰ মৃত্যু

315

মধ্যপ্ৰদেশৰ গুনাত ডাম্পাৰৰ সৈতে সংঘৰ্ষৰ পিছতে এখন যাত্ৰীবাহী বাছত সংঘটিত অগ্নিকাণ্ডত জীৱন্তে জ্বলি মৃত্যুক সাৱটিবলগীয়া হ’ল ১৩ জনকৈ যাত্ৰীয়ে।

বুধবাৰে নিশা প্ৰায় ৯ বজাত গুনা-আৰন পথত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত আহত আন সোতৰজন লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে মৃতকৰ আত্মীয়ক ৪ লাখ টকাকৈ আৰু আহতসকলৰ বাবে ৫০ হাজাৰকৈ সাহায্য দিয়াৰ কথা ঘোষণা কৰে।

এই মৰ্মান্তিক বাছ দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা লোকসকলক সাক্ষাৎ কৰিবলৈ আজি গুনালৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰীগৰাকী।

ইফালে গুনা জিলা উপায়ুক্ত তৰুণ ৰাথীয়ে মৃতকৰ সংখ্যা নিশ্চিত কৰি আহতসকল সংকটমুক্ত বুলি জানিবলৈ দিয়ে।

জিলা উপায়ুক্তগৰাকীয়ে কয় যে, “বৰ্তমান জিলা চিকিৎসালয়খনত সোতৰজন লোক চিকিৎসাধীন হৈ আছে, আৰু তেওঁলোক সংকটমুক্ত বুলি খবৰ পোৱা গৈছে, আনহাতে এখন বাছ আৰু এখন ট্ৰাক সংঘটিত হোৱা দুৰ্ঘটনাত তেৰজন লোকে প্ৰাণ হেৰুৱাইছে।”

অগ্নিকাণ্ডত দগ্ধ হোৱাৰ বাবে মৃত সকলৰ চিনাক্তকৰণ এতিয়াও সম্ভৱ হোৱা নাই।